বঙাইগাঁও জিলাৰ অভয়াপুৰী উত্তৰ সমষ্টিৰ ভাণ্ডাৰা বজাৰৰ পৰা জামদহা লৈ যোৱা ৰাস্তাৰ মাজৰ কাঠৰ দলঙৰ পাৰাপাৰ হোৱাৰ দৃশ্যই সকলোকে আচৰিত কৰি তুলিব। বহু বছৰ পূৰ্বে ভাণ্ডাৰা জামদহা সংযোগী পথত এখন কাঠৰ দলং নিৰ্মাণ কৰি বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়ত ব্যৱস্থা সুচল কৰি তুলিছিল যদিওঁ নিৰ্মাণৰ পিছৰ পৰাই দলঙৰ অৱস্থা এনেকুৱা। দলঙৰ এপ্ৰোচ নথকাৰ বাবে স্থানীয় ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী সকলে দলঙত জখলা বগাই এনেদৰে পাৰাপাৰ হব লগা হৈছে। প্ৰতিবছৰে দলঙৰ এপ্ৰোচৰ বাবে চৰকাৰে বাবে ধন আবন্টন হয় যদিওঁ সকলো খাই শেষ কৰে একাংশ জনপ্ৰতিনিধিৰ লগতে দালালে। দলংখন যেন সোনৰ কণী দিয়া হাহঁত পৰিনিত হৈছে একাংশ জনপ্ৰতিনিধিৰ বাবে।

শীঘ্ৰেই দলংখনৰ এপ্ৰোচৰ কাম কৰি বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়ত ব্যৱস্থা সুচল কৰি তুলিবলৈ চৰকাৰক দাবী জনাই ভান্ডাৰা বাসী ৰাইজে এক প্ৰতিবাদ কৰে।

