Breaking

নগাঁৱত অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়

0 2,030

নগাঁও জিলাৰ বিভিন্ন স্থানত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলি আছে। নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলকে ধৰি জিলাখনৰ বিভিন্ন স্থানত স্থানীয় আৰু দেশীয় তথা‌ বিলাতী সুৰাৰ অবৈধ ব্যৱসায় চলি আছে। অবৈধ সুৰাৰ অবাধ প্ৰচলনে বিভিন্ন স্থানত সামাজিক বিশৃংখলাৰ সৃষ্টি কৰিছে। সংঘটিত হৈছে বহু কেইটা অপৰাধজনিত ঘটনা। মাজে সময়ে আৰক্ষী আৰু আবকাৰী বিভাগে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই যদিও জিলাখনত অবৈধ সুৰাৰ প্ৰচলন বন্ধ কৰাত তেওঁলোক সফল হ’ব পৰা নাই। জিলা খনৰ বিভিন্ন প্ৰান্তৰ সচেতন মহলে অভিযোগ কৰিছে যে অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষী আৰু আবকাৰী বিভাগক অবগত কৰিলেও তেওঁলোকে শক্তিশালী পদক্ষেপ গ্ৰহণ নকৰে। আৰক্ষী আৰু আবকাৰী বিভাগৰ লগত অবৈধ সুৰাৰ ব্যৱসায়ীৰ গোপন বুজা-বুজি থকাৰ বাবে তেওঁলোকে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব নিবিচাৰে বুলি সচেতন মহলে মন্তব্য কৰিছে। আনহাতে মাজে সময়ে অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে অভিযান চলাই যদিও একাংশ আবকাৰী বিষয়া কনিষ্টবলে ব্যৱসায়ী সকলৰ পৰা ধন লোৱাৰ অভিযোগ উঠিছে। নগাঁও চহৰকে ধৰি জিলাখনৰ ঠাই বিশেষে অবৈধ সুৰা ব্যৱসায়ীক আবকাৰী বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে আটক কৰে যদিও পিছত ৰহস্যজনক ভাবে ব্যৱসায়ী সকলক এৰি দিয়াৰ অভিযোগ উঠিছে। কালিও নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্ববৰ্তী অঞ্চলৰ একাংশ ব্যৱসায়ী পৰা আবকাৰী বিভাগে ধন লোৱাৰ কথা ব্যৱসায়ী সকলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। সচেতন মহলে জিলাখনত অব্যাহত থকা অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় শীঘ্ৰে বন্ধ কৰিবলৈ নগাঁও জিলা প্ৰশাসনক দাবী জনাইছে।

Leave A Reply