Breaking

গণেশপুৰ মনাওশ্ৰী প্ৰাথমিক বিদ্যালয়ত নিৰ্মাণ কৰা গৃহ তিনিবছৰে নহ’ল সম্পূৰ্ণ…

0 28

কঠীয়াতলী উন্নয়নখণ্ডৰ অন্তৰ্গত গণেশপুৰ মনাওশ্ৰী প্ৰাথমিক বিদ্যালয়ত বৰপথাৰ পঞ্চায়তে কৰা গৃহৰ নিৰ্মাণ তিনিবছৰে নিৰ্মান সম্পূৰ্ণ নহল।মুকলি আকাশৰ তলত অধ্যয়ন কৰিছে ছাত্ৰ -ছাত্ৰীয়ে
ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ
দুশ ছাত্ৰ -ছাত্ৰীৰ বিপৰীতে শিক্ষক দুজন ;শ্ৰেনী কোঠালীও দুটা

কঠীয়াতলী উন্নয়ন খণ্ডই নিৰ্মান কৰা অতিৰুক্ত শ্ৰেণী কোঠাৰো তিনিবছৰত নিৰ্মান সম্পূৰ্ণ ছাত্ৰ -ছাত্ৰীৰ হাঁহাকাৰ

মুকলি আকাশৰ তলতে পাঠদান কৰিছে ছাত্ৰ -ছাত্ৰীক

কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত গণেশপুৰ মনাওশ্ৰী প্ৰাথমিক বিদ্যালয়ত বৰপথাৰ পঞ্চায়তে নিৰ্মান কৰা গৃহৰ তিনিবছৰে নিৰ্মান সম্পূৰ্ণ নহল। যাৰ কাৰনে গৃহৰ অভাৱত মুকলি আকাশৰ তলত অধ্যয়ন কৰিছে ছাত্ৰ -ছাত্ৰীয়ে।উল্লেখ্য যে কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত এই বিদ্যালয় খনত দিৰ্ঘদিনধৰি ছাত্ৰ -ছাত্ৰীৰ বিপৰীতে শ্ৰেণীকোঠাৰ অভাৱত ভুগি আহিছে বৰ্তমান বিদ্যালয় খনত দুশ ছাত্ৰ -ছাত্ৰীৰ বিপৰীতে শিক্ষক দুজন ;শ্ৰেনী কোঠালীও দুটা

থকাৰ বাবে ব্যাপক সমস্যাৰ সৃষ্টি হৈছে।জানিব পৰা মতে বিদ্যালয় খনত কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তুৰ্গত বৰপথাৰ গাঁও পঞ্চায়তে বিদ্যালয় খনত এক চৰকাৰী আঁচনিৰ জৰিয়তে এটা অতিৰুক্ত শ্ৰেণীকোঠা নিৰ্মানৰ বাবে চাৰিলাখ টকা অনুমোদন দি কাম হাতত লৈছিল।কিন্তু আজিকোপতি এই গৃহটো কাম সম্পূৰ্ণ নহল।তাৎপৰ্য্য পূৰ্ণ যে কঠীয়াতলী উন্নয়ন খণ্ডৰ বৰপথাৰ পঞ্চায়তে কৰা এই কামটোত কোনো ফলক নলগোৱাত ৰাইজে সঠিক তথ্যৰ জ্ঞাত নোহোৱাৰ অভিযোগ উঠিছে।

অভিযোগ মতে কামতো নিৰিক্ষনৰ বাবে উন্নয়ন খণ্ডৰ কোনো অভিযন্ত্ৰা বিষয়া উপস্থিত নোহোৱা এই কামতোৰ চোৱা চিতাৰ দ্বায়িত্ব বহন কৰিছিল বৰপথাৰ গাঁও পঞ্চায়তৰ প্ৰয়াত সভানেত্ৰীৰ স্বামী নৃপেন নাথে।এই শ্ৰেণী কোঠাটো নিৰ্মান সম্পূৰ্ণ হলেও ছাত্ৰ -ছাত্ৰীৰ শিক্ষাদানত কিছুসকাহ হল হেতেন বুলি জানিব দিছে বিদ্যালয় খনৰ সভাপতি গৰকীৰ লগতে প্ৰধান শিক্ষক গৰাকীয়ে

Leave A Reply