Breaking

বিজেপিৰ সভালৈ নোযোৱাৰ বাবেই পতি-পত্নীক প্ৰহাৰ বিজেপি কৰ্মীৰ

0 65

বিজেপি সভালৈ নোযোৱাই যেন কাল হ’ল এহাল দম্পত্তিৰ৷

বিজেপিৰ সভালৈ নোযোৱাৰ বাবেই পতি-পত্নীক প্ৰহাৰ বিজেপি কৰ্মীৰ৷ পূৰ্ণিমা চাংমাই আৰু টমাছ চাংমাই নামৰ এহাল দম্পত্তিক লাঠিৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে ৷ শিৱসাগৰৰ গৌৰীসাগৰ চাৰিঙত অংশুমান বৰা নামৰ বিজেপি কৰ্মী জনৰ বিৰুদ্ধে এই অভিযোগ৷

দেওবাৰে অনুষ্ঠিত বিজেপিৰ জনসভালৈ নোযোৱাৰ বাবেই পূৰ্ণিমা চাংমাইৰ মূৰ ফালে অংশুমান বৰাই৷ পূৰ্ণিমা চাংমাইৰ ঘৰত প্ৰৱেশ কৰি বিজেপি কৰ্মী অংশুমান বৰাই কাপোৰ ফলাৰ লগতে পেট-পিঠি, মূৰ, হাত, বুকুত গুৰিয়াই আৰু লাঠিৰে মৰিয়াই৷

নিশা প্ৰায় ৮-৩০ মান বজাত সংঘটিত এই ঘটনাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নিশাই গুৰুত্বৰ ভাৱে আঘাটপ্ৰাপ্ত মহিলাগৰাকীক শিৱসাগৰ জিলা জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে গৌৰীসাগৰ আৰক্ষী থানাত বিজেপি কৰ্মী জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷

Leave A Reply