Breaking

আকৌ হিম যুগৰ সূচনা হ’ব পৃথিৱীত! সকিয়ালে বিজ্ঞানীয়ে…

0 49

এনে এটা যুগ যিটো যুগত পৃথিৱীত বাস কৰিছিল আদিম মানৱে, জন্তুবোৰ আছিল বিশাল আকাৰৰ। সেই হিমযুগ পুনৰ উভতি আহিব পাৰে! তেনে আশংকাই ব্যক্ত কৰিছে বিশ্বৰ বহু বিজ্ঞানীৰ মনত। কাৰণ উত্তৰ গোলাৰ্ধৰ শীতল মহাসাগৰসমূহক তাপ প্ৰদান কৰি অহা উপসাগৰীয় সোঁত(গাল্ফ ষ্ট্ৰীম) বন্ধ হৈ পৰাৰ আশংকাই দেখা দিছে। যদি তেনে ঘটনা ঘটে তেন্তে উত্তৰ গোলাৰ্ধত বৰফৰ পৰিমাণ ভাবিব নোৱাৰা ধৰণে বাঢ়ি যাব আৰু সেই বৰফৰ আস্তৰণে পৃথিৱীৰ বিশাল এলেকা আগুৰি পেলাব। ফলত বিশ্বই পুনৰ হিম যুগৰ বিপদৰ সন্মুখীন হ’ব পাৰে। উল্লেখ্য সাগৰৰ তলেৰে বিষুৱৰেখাৰ ওচৰত, মহাসাগৰৰ পানী গৰম হৈ উত্তৰদিশে প্ৰবাহিত হয়। গাল্ফ ষ্ট্ৰীমে উত্তৰ গোলাৰ্ধক কিছু পৰিমাণে তাপৰ যোগান ধৰে। বিজ্ঞানীসকলে বিশ্বাস কৰে যে গলি যোৱা হিমবাহবোৰৰ বাবেই উপসাগৰীয় প্ৰবাহ বন্ধ হোৱাৰ উপক্ৰম ঘটাইছে। ফলত অতিৰিক্ত তাপৰ উৎস অবিহনে উত্তৰ আমেৰিকা, এছিয়া আৰু ইউৰোপৰ কিছু অংশত গড় তাপমাত্ৰা কেইবা ডিগ্ৰীলৈ হ্ৰাস হোৱাৰ আশংকা আছে।ফলত সমগ্ৰ পৃথিৱীত ইয়াৰ গুৰুতৰ প্ৰভাৱ পৰিব পাৰে।

হলিউডৰ চলচ্চিত্ৰ দ্য ডে আফটাৰ টুমৰোত এনে ভয়াৱহ দিনৰ ছবিয়েই দেখুওৱা হৈছে। ছবি খনে ২০০৪ চনত মুক্তি লাভ কৰিছিল।ছবিখনে কাল্পনিক ধাৰণা আৰু দৃশ্যৰ সংযোগ কৰিছিল যদিও ছবি খনৰ কথাবোৰ পৃথিৱীৰ বাবে এক সম্ভাৱ্য সত্য হ’ব পাৰে। বিজ্ঞানীসকলে আটলান্টিক মহাসাগৰৰ প্ৰবাহ বন্ধ হোৱাৰ বিষয়েও সতৰ্ক কৰি দিছে। নেডাৰলেণ্ডৰ ইউট্ৰেক্ট বিশ্ববিদ্যালয়ৰ গৱেষকসকলে পৃথিৱীত হিম যুগৰ আশংকাৰ কথা তথ্য সহকাৰে প্ৰকাশ কৰিছে। ইউট্ৰেক্ট বিশ্ববিদ্যালয়ৰ জলবায়ু বিজ্ঞানী আৰু সামুদ্ৰিক বিশেষজ্ঞ ৰেনে ভান ৱেষ্টেনে কয়, “আমি ধ্বংসৰ কাষ চাপি গৈছো, কিন্তু আমি নিশ্চিত নহয় যে ধ্বংস আৰমাৰ কিমান ওচৰ চাপি আহিছে।” তেওঁ এইবুলিও কৈছে যে সকলো কথা আজিৰ সময়ত মানুহৰ কাৰ্যৰবাবে হোৱা জলবায়ু পৰিৱৰ্তনৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰিব। গাল্ফ ষ্ট্ৰীম হৈছে আটলাণ্টিক মেৰিডিওনেল অভাৰটাৰ্ণিং চাৰ্কুলেচন (এএমঅচি) নামৰ অধিক বহলভাবে বিস্তৃত সোঁতৰ এটা অংশ। ইয়াক মহাসাগৰৰ কনভেয়াৰ বেল্ট বুলি কোৱা হয় আৰু ই উত্তৰ গোলাৰ্ধলৈ গৰম পানী পৰিবহন কৰে। গৰম পানীয়ে উত্তৰ আটলাণ্টিক পোৱাৰ পিছত তাপ মুকলি কৰে। ইয়াৰ পিছত ই হিমায়িত হয় আৰু সাগৰৰ পানীত নিমখ এৰি দিয়ে।

Leave A Reply