মঙলদৈ : মহামাৰীৰ বাবে বিটিএডিত পৰিষদীয় নিৰ্বাচন স্থগিত কৰা হৈছে যদিও প্ৰচাৰত কোনো প্ৰভাৱ পেলোৱা নাই এই মহামাৰীয়ে৷ আজি দৰং আৰু ওদালগুৰি জিলাৰ সীমামূৰীয়া ভকতপাৰাত ৩৫ নং মুদৈবড়ী সমষ্টিৰ গন সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী নৰেন চন্দ্ৰ ডেকাৰ প্ৰচাৰৰ এক বিশেষ কাৰ্য্যসুচী মুকলি কৰা হয়৷ এই কাৰ্য্যসুচীত দলটোৰ কেন্দ্ৰীয় বিষয়ববীয়া বজেন মহন্ত ওদালগুৰি জিলাৰ সভাপতি যাদৱ শইকীয়া,মছলিম পাৰ্চনেল ল’ বোডৰ অধ্যক্ষ মকিবৰ ৰহমান সহ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে৷ লক্ষ্যণীয় যে মুদৈবড়ী সমষ্টিৰ প্ৰত্যেকখন গাৱৰ ক্ৰমেও দুজনকৈ সদস্য ভাগ লোৱা এই সভাত পহিলা জুলাইৰ পৰা দলীয় প্ৰাৰ্থীৰ হৈ ঘৰে ঘৰে প্ৰচাৰ কাৰ্য চলাব৷ দলটোৱে অতিক্ৰমেও ২৮ হাজাৰ ভোটৰ কাৰণে বিজেপি বিপিএফসহ ৬ প্ৰাৰ্থীৰ বিৰুদ্ধে যুজ দিব৷ ঘৰে ঘৰে চলাব লগীয়া প্ৰচাৰ কাৰ্যসুচী মুকলি কৰি কংগ্ৰেছ দলৰ নেত্ৰী তথা গনসুৰক্ষাৰ শুভাকাংশী হেমপ্ৰভা দেৱীয়ে কয় যে আগন্তুক নিৰ্বাচনত বিজেপি বিপিএফক এসেকা দিব মুদৈবড়ী পৰিষদীয় সমষ্টিত৷ নৱ প্ৰজন্মক ৰাজনৈতিক পৰিবৰ্তন যোগে গণ সুৰক্ষাই স্বাবলম্বী কৰি তুলিব৷ সভাত মুছলিম পাৰ্চনেল ল’ বোডৰ অধ্যক্ষই কয় যে বিজেপি, বিপিএফ যিমান বিপদজনক তাতকৈ বেছি বিপদজনক হৈছে ইউপিপিএল৷ বিগত ১৭ বছৰে বিপিএফ দলে লুণ্ঠন চলোৱাৰো তেওঁ অভিযোগ কৰে৷ কাৰ্য্যসুযীত অংশ লৈ অবড়ো সুৰক্ষা সমিতিৰ বিষয়ববীয়া বজেন মহন্তই আগন্তুক নিৰ্বাচনত বিপিএফ দলক পৰাস্ত কৰি ইয়াৰে নেতা সকলক তিহাৰ জেললৈ প্ৰেৰন কৰিব বুলি হুমকি দিয়ে৷

