দেৰগাঁৱত পৌৰ সভাৰ অন্তগৰ্ত বহুকেইটা পকীপথ নিৰ্মাণৰ শুভাৰম্ভণী

সমাগত পৌৰ সভাৰ নিৰ্বাচনৰ আগ মুহুৰ্তত ৭ ফেব্ৰুৱাৰীত দেৰগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ভবেন্দ্ৰনাথ ভৰালীয়ে দেৰগাঁও পৌৰসভাৰ অন্তৰ্গত দেৰগাঁও নগৰৰ বিভিন্ন এলেকাত কেইবাটাও পকী পথ নিৰ্মাণৰ শুভাৰম্ভ কৰে। পঞ্চদশ বিওীয় আয়োগৰ পুজিৰে নিৰ্মাণ হ’ব লগা পকী পথ নিৰ্মাণৰ শুভাৰম্ভণিৰ কাৰ্যসূচীত গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, গোলাঘাট জিলা পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া- গৌৰী প্ৰিয়া দেউৰী,  দেৰগাঁও ৰাজহ চক্ৰ বিষয়া চিৰঞ্জীত দাস, দেৰগাঁও ৰাজহ চক্ৰ বিষয়া সংলগ্ন মণীষ ভৰালীৰ লগতে অগপ, বিজেপি আৰু “অসম যুৱ পৰিষদ”ৰ সমষ্টি পৰিষদ, জিলা পৰিষদ, মণ্ডল পৰিষদৰ কেইবাগৰাকী দলীয় বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে

Related Articles