ককয়াত পৰম্পৰাগত জ্ঞান আৰু কৌশল সংগ্ৰাহালয় উদ্ধোধন

পৰম্পৰাগত প্ৰযুক্তিয়ে আমাৰ স্বাস্হ্য, প্ৰকৃতি আৰু অৰ্থনীতিক বিভিন্ন দিশৰ পৰা সুৰক্ষা দিয়াৰ লগতে আমাৰ সংস্কৃতিকো সমৃদ্ধি কৰিছে। সম্প্ৰতি  বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ বহুখিনি উত্তৰণ ঘটিছে , ই ভাল কথা ৷ বিজ্ঞান প্ৰযুক্তি আমাক লাগিব, সেইবুলি আমি আমাৰ গ্ৰামাঞ্চলৰ জনসাধাৰণে উদ্ভাৱন কৰা বিভিন্ন ধৰণৰ পৰম্পাৰাগত পযুক্তিৰ কথা পাহৰিপেলোৱাটো ভাল কথা নহব ৷ কিন্তু সময়ৰ সোঁতত বিভিন্ন কাৰণত এনেবোৰ বহু প্ৰযুক্তিৰ  ব্যৱহাৰ নোহোৱা হোৱাৰ লগতে কিছুমান পৰম্পৰাগত  সা -সামগ্ৰী লুপ্ত হোৱাৰ উপক্ৰম হৈছে ৷ ই আমাৰ বাবে শুভ লক্ষণ নহয় ৷ অতিত ঐতিহ্য পাহৰিলে এটা জাতি ভালদৰে জীয়াই নাথাকে ” ৷ এই মন্তব্য  অসম বিজ্ঞান সমিতিৰ প্ৰক্তণ সভাপতি ড° অৱনী কুমাৰ ভাগৱতীৰ  ৷ কালি পশ্চিম  নলবাৰী   অঞ্চলৰ বেলশৰ  ককয়াত অসম বিজ্ঞান সমিতৰ ককয়া শাখাত পৰম্পৰাগত জ্ঞান আৰু কৌশল সংগ্ৰহালয় উদ্বোধনী অনুষ্ঠানত উপস্হিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতীয়ে এনেদৰে কয় ৷ অসম বিজ্ঞান সমিতি, ককয়া শাখাৰ সভাপতি বিচিত্ৰ কুমাৰ মজুমদাৰৰ সভাপতিত্বত  দুপৰীয়া অনুষ্ঠিত সংগ্ৰহালয় উদ্বোধনী অনুষ্ঠানত অসম বিজ্ঞান সমিতিৰ কাৰ্যকৰী সভাপতি ড°ধীৰেশ্বৰ কলিতাই নতুন সংগ্ৰহলয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ সভাত অসম বিজ্ঞান সমিতিৰ  সচিব প্ৰধান  ড° জগদী চন্দ্ৰ ৰায় চৌধুৰী, অসম বিজ্ঞান সমিতিৰ উপ সভাপতি লাৱন্য লাহন চুতীয়া,  কৃষি বিজ্ঞানী ড° মৃণাল বৰ্মন উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত লোক শিল্পী ৰামচৰণ ভড়ালী(নাগাৰা নামৰ পাঠক); প্ৰতাপ বেজবৰুৱা( জাগাৰাৰ ভাওৰীয়া শিল্পী);  বড়ো লোক শিল্পী ৰমেশ ৰামচিয়াৰী ;  পুতলা নাচৰ শিল্পী অজয় শৰ্মা ; সৰ্থেবাৰীৰ কহাৰ শিল্পী খৰ্গেশ্বৰ ডেকা; নাগাৰা নামৰ পাঠক পঙ্কজ তালুকদাৰক সম্বৰ্ধনা জনোৱা হয় ৷ সংগ্ৰহালয় উদ্বোধনী উপলক্ষে গ্ৰাম্য কৌশলৰ পৰাম্পৰাগত সা সামগ্ৰী- সঁজুলিৰ এখন প্ৰদৰ্শনীও অনুষ্ঠিত কৰে উদ্যোগক্তা সকলে ৷ কলগছৰ খুটা আৰু কলপাতৰ চামিয়ানাৰ তলত পুৰনি দিনৰ ডে লাইট; হেচাক লাইট, হাটলেম্প; ঢেকী; লুৰি; কাপোৰ থোৱা জাপা; মাটিৰ হাৰি; জুমুঠি; হাতশাল; পুৰণি শালৰ বিভিন্ন সা সজুলি; যাত্ৰা পাৰ্টিৰ পোচাক;  সৰ্থেবাৰী কাহৰ বিভিন্ন বাচন; খেতিৰ বিভিন্ন পুৰণি সজুলি; কইনা নিয়া দ’লা; মাছ মৰা বিভিন্ন সজুলি ; কাঠৰ তেলপেৰাৰ লগতে বিভিন্ন পৰম্পাৰাগত গ্ৰাম্য কৌশল প্ৰদৰ্শন কৰা হয় ৷ নৰেন্দ্ৰ কুমাৰ ভাগৱতীয়ে আত ধৰা অনুষ্ঠানৰ ভাষণৰ মাজে মাজে কামৰূপীয়া ঢুলীয়া শিল্পীৰ দলে ঢোল- কালি বদন ; ৰমেশ ৰামচিয়াৰীৰ দলে বড়ো গীত;  নাগাৰানামৰ বিশিষ্ট পাঠক ৰামচৰণ ভৰালীয়ে নাগাৰা নামৰ কিয়দাংশ পৰিবেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে ৷ উল্লেখ্য যে  অসম বিজ্ঞান সমিতিৰ ককয়া শাখাৰ সম্পাদক প্ৰফুল্ল বৰ্মনৰ বাসগৃহৰ পাছ ফালৰ উদ্যান শষ্যৰ বাৰিখনত স্হাপন কৰা হৈছে পৰাম্পৰাগত জ্ঞান আৰু গ্ৰাম্য কৌশল সংগ্ৰহালয়টো ৷ অনুষ্ঠানত ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকলৰ উপৰিও স্হানীয় শতাধিক ৰাইজৰ লগতে  পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সাংবাদিক সকলো উপস্থিত আছিল ৷

Related Articles