Breaking

ইণ্ডীয়া বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াইছে টীয়কৰ “পদ্মনাভে”

0 2,064

টীয়ক, ২৯ ডিচেম্বৰ, নিজৰ একাগ্ৰতা আৰু কঠোৰ সাধনাৰ বলত সৰ্বভাৰতীয় পৰ্যায়ত উজ্বলিবলৈ সক্ষম হৈছে টীয়কৰ এজন মেধাবী ছাত্ৰ । খেলৰ জৰিয়তে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা এই গৰাকী প্ৰতিভাৱান খেলুৱৈ হৈছে টীয়ক নগৰৰ 4 নং ৱাৰ্ড নিবাসী পদ্মনাভ বনিয়া ৷এক মিনিটত 269 টা বক্সিং মাৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম লিখিবলৈ সক্ষম হৈছে পদ্মনাভে ৷ প্ৰয়াত দীপক দাস আৰু  মাতৃ মনোজা দাসৰ সৰু পুত্ৰ পদ্মনাভে শাৰীৰিক পৰিশ্ৰম তথা অধ্যৱসায়ৰ জড়িয়তে প্ৰদৰ্শন কৰা পাৰদৰ্শিতাই এতিয়া সমগ্ৰ ৰাজ্যবাসীকে গৌৰাম্বিত কৰিছে ।লক ডাউনৰ সময়ছোৱাত ঘৰৰ চোতালতে পেলনীয়া সামগ্ৰীৰে শৰীৰ চৰ্চাৰ বিভিন্ন সজুলি প্ৰস্তুত কৰি নিয়মীয়াকৈ ব্যায়ামৰ লগতে নিজৰ লক্ষ্যত উপনীত হ’বলৈ চেষ্টা অব্যাহত ৰাখিছিল পদ্মনাভে ৷ ভবিষ্যত দিনত “এছিয়ান বুকছ অব ৰেকৰ্ড” আৰু “গ্ৰিনিছ বুক অব ৰেকৰ্ড” ত নাম অন্তৰ্ভুক্তিৰ সপোন পুহি ৰখা প্ৰদ্মনাভ আমগুৰি স্থিত অৰুনোদই একাডেমীৰ নৱম শ্ৰেণীৰ ছাত্ৰ। এই খবৰ বিয়পি পৰাৰ লগে লগে আজি ছাত্ৰ জনৰ গৃহত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ব্যক্তিয়ে তেওঁক উষ্ণ আদৰণি জনায় । পঢ়াৰ সমান্তৰালভাৱে এনে কলাৰ লগত জড়িত হৈ নিজৰ যোগ্যতাৰ পৰিচয় দিয়া পদ্মনাভে সুযোগ আৰু সুবিধা পালে আৰু আগবাঢ়ি যাব বুলি আশা কৰিব পাৰি ।

Leave A Reply