Breaking

মৰিগাঁৱৰ বিশিষ্ট সমাজসেৱী তথা ব্যৱসায়ী প্ৰনৱ শইকীয়াৰ ‘ইণ্ডিয়ান গ্লৰী এৱাৰ্ড ২০২৪’ লাভ

0 71

মৰিগাঁৱৰ বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী প্ৰনৱ শইকীয়াই ২০২৪ বৰ্ষৰ ‘ইণ্ডিয়ান গ্লৰী এৱাৰ্ড ২০২৪’ লাভ কৰিছে। প্ৰনৱ শইকীয়াই ১৯৯৮ বৰ্ষৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ লগত সক্ৰিয় ভাৱে জড়িত হৈ কাম কৰাৰ সুবিধা পায় আৰু প্ৰথমে ভাৰতীয় জনতা পাৰ্টীৰ শালমৰা পঞ্চায়ত সমিতিৰ সাধাৰণ সম্পাদক আৰু তাৰ পাছত ৰহা মণ্ডল ভাৰতীয় জনতা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক আৰু ভাৰতীয় জনতা যুৱ মৰ্চা, নগাঁও সমিতিৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে।

শইকীয়াই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী, লাল কৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী, প্ৰয়াত প্ৰমোদ মহাজন, সুৰমা স্বৰাজ, ৰাজনাথ সিঙৰ দৰে নেতাসকলৰ লগত অসমত ভাৰতীয় জনতা পাৰ্টীৰ অতি সংকট কালত একেলগে কাম কৰি দলক সন্মুখৰ পৰা নেতৃত্ব দিছিল। প্ৰনৱ শইকীয়াই আমাৰ সাংবাদিকৰ আগত প্ৰকাশ কৰামতে ১৯৯৯-২০০০ বৰ্ষত প্ৰয়াত প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ পৰামৰ্শ মৰ্মেই তেখেতে ‘জনকল্যান মৰিগাঁও’নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ কাম আৰম্ভ কৰিছিল। পৰৱৰ্তী ক্ষণত তেওঁ অবিভক্ত মৰিগাঁও ও নগাঁও জিলাত পাৰদৰ্শিতাৰে সামাজিক কাম কাজ কৰে আৰু ভাৰত চৰকাৰৰ আৰ্থিক অনুদানেৰে দুখীয়া-দৰিদ্ৰ ৰাইজ আৰু হস্তশিল্পীসকলৰ কল্যাণৰ বাবে যথেষ্ট কাম কৰে।

তেওঁ জনোৱা মতে মৰিগাঁও জিলাত তেখেতে ৮০০০ত কৈও অধিক মানুহক বিশেষকৈ মহিলাসকলক বিভিন্ন সুবিধা প্ৰদান কৰিছে। গত ২০২০-২১বৰ্ষত প্ৰনৱ শইকীয়াই হস্তশিল্পীসকলক অত্যাধিক সুবিধা প্ৰদান কৰিবৰ বাবে তথা হস্তশিল্পজাত সামগ্ৰীৰ ৰপ্তানিৰ বাবে ‘মৌপিয়া হেণ্ডিক্ৰাফ্ট প্ৰডিউচাৰ কোম্পানী লিমিটেড’ নামেৰে এটি প্ৰডিউচাৰ কোম্পানী পঞ্জীয়ন কৰাই ২০২১-২২বৰ্ষৰ পৰা কাম আৰম্ভ কৰে।

ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ আৰ্থিক সাহায্য তথা সহযোগিতাৰে তেখেতে বৰ্তমানেও প্ৰায় ২০০০হস্তশিল্পীৰ কল্যাণ আৰু উন্নয়নৰ হকে কাম কৰি আছে। ছাত্ৰ অৱস্থাৰে পৰাই তীক্ষ্ণ মেধা সম্পন্ন প্ৰনৱ শইকীয়াই ‘জন কল্যাণ মৰিগাঁও’ স্বেচ্ছাসেৱী অনুষ্ঠানৰ সচিব পদত অধিষ্ঠিত হোৱাৰ উপৰিও ‘মৌপিয়া হেণ্ডিক্ৰাফ্ট প্ৰডিউচাৰ কোম্পানী লিমিটেড’ৰো অবৈতনিক মূখ্য কাৰ্যবাহী বিষয়া (চি.ই.অ’) হিচাপে নিষ্ঠাৰে কাম কৰি আছে।

পূৰ্বেও তেখেতে ২০১০বৰ্ষত ‘Chief Minister’s best community action award Form Development 2010’ বঁটা আৰু চেক পাবলৈ সক্ষম হৈছিল। ২০২৪ বৰ্ষত তেখেতক ‘ইণ্ডিয়ান গ্লৰী এৱাৰ্ড ২০২৪’ ৰ Best CEO of the year বঁটাৰে সন্মানিত কৰে।

Leave A Reply