Breaking

প্ৰথমবাৰৰ বাবে এছিয়ান চেম্পিয়শ্বিপৰ খিতাপ জয়ৰে ঐতিহাসিক সফলতা লাভ ভাৰতীয় মহিলা বেডমিণ্টন দলৰ

0 28

ভাৰতীয় মহিলা বেডমিণ্টন দলে ইতিহাস গঢ়ি পোন প্ৰথমবাৰৰ বাবে এছিয়ান চেম্পিয়শ্বিপৰ দলীয় খিতাপ লাভ কৰিছে৷ মালয়েছিয়াত অনুষ্ঠিত প্ৰতিযোগিতাৰ দেওবাৰে হোৱা ফাইনেলত ভাৰতে ৩-২১ ব্যৱধানত পৰাস্ত কৰে থাইলেণ্ডৰ মহিলা দলক৷ উল্লেখ্য যে শক্তিশালী চীনক পৰাস্ত কৰি প্ৰতিযোগিতাত অভিযান আৰম্ভ কৰা ভাৰতীয় মহিলা বেডমিণ্টন দলে ছেমিফাইনেলত অঘটন ঘটাই শীৰ্ষস্থানৰ দল জাপনক পৰাস্ত কৰি খিতাপৰ যুঁজলৈ অগ্ৰসৰ হৈছিল৷ আত্মবিশ্বাসী ভাৰতীয় মহিলা শ্বাটলাৰসকৰে আজি চাপৰ ফাইনেলতো দৃঢ়তা প্ৰদৰ্শন কৰি সফলতাৰে গৌৰৱময় ইতিহাস গঢ়িবলৈ সক্ষম হয়৷

‘এয়া ভাৰতীয় বেডমিণ্টনৰ বাবে আন এটা গৌৰৱৰ দিন৷ মই মহিলা দলটোৰ সকলো খেলুৱৈ, প্ৰশিক্ষক তথা সহযোগী বিষয়াক শুভেচ্ছা জনাইছো৷ দুবছৰ পূৰ্বে ভাৰতীয় পুৰুষ দলে থমাছ কাপ জয় কৰি ইতিহাস গঢ়াৰ পাছত এইবাৰ এছিয়ান চেম্পিয়নশ্বিপত মহিলা দলে পোন প্ৰথমবাৰৰ বাবে খিতাপ জয় কৰি আন এক ঐতিহাসিক সফলতা অৰ্জন কৰিলে৷ আমাৰ নৱাগত শ্বাটলাৰৰ অনবদ্য প্ৰদৰ্শন ভাৰতীয় বেডমিণ্টনৰ বাবে নতুন আশা৷’ ভাৰতীয় বেডমিণ্টন ফেডাৰেছনৰ সভাপতি তথা অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম প্ৰতিক্ৰিয়াত এইদৰে কয়৷

ফাইনেলত একক শাখাৰ প্ৰথমখন মেচত জয়ৰে দলক প্ৰত্যাশিত আৰম্ভণি দিয়ে দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুয়ে৷ থাইলেণ্ডৰ সুপনিদা কাটেথঙক ২১-১২, ২১-১২ ৰ পোনপটিয়া ছেটত পৰাস্ত কৰে সিন্ধুয়ে৷ ইয়াৰ পাছতে ভাৰতৰ অগ্ৰগতি ২-০ কৰে ডাবলছ শাখাৰ মেচত জয়ী হৈ তৃষা জলী আৰু গায়ত্ৰী গোপিচান্দ যুটিয়ে৷ তিনিটা ছেটৰ অন্তত থাই যুটি জংকোলফান কিতিথাৰাকুল আৰু ৰৱিন্দা প্ৰজংজাইক ২১-১৬, ১৮-২১, ২১-১৬ ৰ ব্যৱধানত পৰাস্ত কৰে তৃষা-গায়ত্ৰীয়ে৷ ২-০ত পিছ পৰাৰ পাছতে মৰণপন তৃতীয় আৰু চতুৰ্থ মেচত কিন্তু প্ৰত্যাৱৰ্তন কৰে থাইলেণ্ডে৷

একক শাখাৰ দ্বিতীয়খন মেচত ভাৰতীয় দলৰ হৈ অংশ লয় অসম কন্যা অস্মিতা চলিহাই৷ ছেমিফাইনেলত জাপানৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন ন’জোমি অকুহাৰাক পৰাস্ত কৰি চাঞ্চল্য সৃষ্টি কৰা অস্মিতাই কিন্তু দেওবাৰে সেই প্ৰদৰ্শন ধৰি ৰাখিব নোৱাৰিলে৷ বুছানান অংবামৰুংফানৰ বিৰুদ্ধে ২১-ৰৰ, ২১-১৪ ৰ পোনপটিয়া ছেটত পৰাস্ত হয় অস্মিতা৷ মেচৰ ব্যৱধান ২-ৰ হোৱাৰ পাছত চতুৰ্থ মেচত পুনৰ থাইলেণ্ডে জয়লাভ কৰিবলৈ সক্ষম হয়৷

ডাবলছ শাখাৰ দ্বিতীয়খন মেচত বেনয়াপা আইমছাৰ্ড আৰু নুন্তকৰ্ণ আইমছাৰ্ডৰ বিৰুদ্ধে ২১-ৰৰ, ২১-৮ ৰ ব্যৱধানত পৰাস্ত হয় ভাৰতীয় যুটি প্ৰিয়া কনজেংবাম আৰু শ্ৰুতি মিশ্ৰ৷ খিতাপৰ যুঁজ ২-২ ত সমতা স্থাপন হোৱাৰ পাছত নিৰ্ণায়ক পঞ্চম তথা একক শাখাৰ তৃতীয়খন মেচত ভাৰতীয় দলৰ হৈ কৰ্টত নামে দেশৰ আন এগৰাকী প্ৰতিভাসম্পন্ন নৱাগত শ্বাটলাৰ অনমল খাৰ্ব৷ উত্তেজনা আৰু চাপৰ মাজত খেলিও মানসিক দৃঢ়তাৰে অনমলে পৰ্ণপিচা চোইকেৱঙক ২১-১৪, ২১-৮ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি ভাৰতীয় মহিলা দলক ঐতিহাসিক খিতাপ জয়ৰ সফলতা দিয়ে৷

Leave A Reply