অদম্য খেলুৱৈ ৰ’ছিবিনা…

প্ৰকৃত খেলুৱৈ তাই। জ্বলিছে গৃহ ৰাজ্য। পিতৃ-মাতৃৰ পৰা মাহৰ পিছত মাহ দূৰৈত অবস্হান তাইৰ। এফালে দুশ্চিন্তা আনফালে দেশৰ কথা। হয় । এই গৰাকী খেলুৱৈৰ নাম ৰেছিবিনা দেৱী নাওৰম। ঘৰ মনিপুৰৰ বিষ্ণুপুৰ জিলাৰ কাছিফাই সায়াই লেইকাইত। সংঘৰ্ষ জৰ্জৰিত মনিপুৰ। গোষ্ঠীগত সংঘৰ্ষৰ দাবানলত বিধস্ত মনিপুৰ। মে’ মাহৰ পৰাই ঘৰৰ পৰা দূৰৈত আছে ৰেছিবিনা। চকুলো সংশয়ৰ মাজেদি দেখে এছিয়ান গেমছৰ হাত বাউলি। ৰেছিবিনা মেইটেই সম্প্ৰদায়ৰ। খবৰ পাইছে দেউতাকে দিনত আৰু মাকে ৰাতি পহৰা দিয়া কামত ব্যস্ত। চকুলো ঢাকি ৰাখি নেদেখাজনৰ ওপৰত গভীৰ বিশ্বাস আৰু আস্থাৰে উৰা মাৰিছিল চীনলৈ। ৰৈ গৈছিল আন এক দুখ। সতীৰ্থ অৰুণাচলৰ খেলুৱৈৰ সংগ নাপালে। চীনে নিদিলে ভিছা।

বুকুত দুখবোৰ সযতনে থৈ ৰেবিছিনা নামিছিল শত্ৰুৰ সম্মুখত। এছিয়ান গেমছৰ উশ্বুখেল প্ৰতিযোগিতাৰ ৬০ কিলোগ্ৰাম খেলত ৰেছিবিনাই আজুৰি আনিলে ৰূপৰ পদক। মনিপুৰবাসীলৈ পদক উৎসৰ্গা কৰা ৰেছিবিনাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশবাসীয়ে জনালে শুভেচ্ছাৰ লগতে অভিনন্দন। এই গৰাকী খেলুৱৈয়ে ২০১৮ চনত জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছত ব্ৰঞ্জ পদকেৰে বিজয়ী হৈছিল। মানসিক সংঘাত একাষৰীয়া কৰা বাস্তব পৰিস্থিতিৰ দাবানলেও খেলুৱৈ মানসিকতাৰ পৰা পিছুৱাই ননা এইগৰাকী দৃঢ়মনা খেলুৱৈ হওঁক প্ৰতিভাৰ এক জ্বলন্ত প্ৰতীক। অনাগত দিনবোৰলৈ আমাৰ থাকিল অলেখ শুভকামনা।

Related Articles