Breaking

বৰদিনৰ আনন্দ দেখিবলৈ পোৱা নগ’ল যীচুখ্ৰীষ্টৰ জন্মস্থান বেথেলহামত, নিমাওমাও পৰিৱেশ…

0 27

যীচুখ্ৰীষ্টৰ জন্মস্থান বেথেলহামত নিমাওমাও পৰিবেশ৷ যিটো সময়ত বৰদিনৰ আনন্দত উটি-ভাঁহি গৈছে বিশ্ব, সেই সময়তে খোদ যীচুখ্ৰীষ্টৰ জন্মস্থান বেথেলহামতে নাই বৰদিনৰ কোনো উচাহ৷ কাৰণ যুদ্ধই সকলো কাঢ়ি নিছে বেথেলহামত। বৰদিনৰ সময়তে বেথেলহামত বিৰাজ কৰিছে নিৰ্জনতাই। ইজৰাইল-হামাছ যুদ্ধৰ বাবে বেথেলহামৰ মেংগাৰ চ’কত দেখিবলৈ পোৱা নগ’ল আলোকেড়ে সুসজ্জিত কৰা উৎসৱমুখৰ পোহৰৰ লগতে বৰদিন উৎসৱৰ আনন্দ।

উল্লেখ্য যে বৰদিনৰ পূৰ্বে বহু পেলেষ্টাইনী নিৰাপত্তাৰক্ষীয়ে খালী চৌহদত টহল দি থকা দেখা গৈছিল। বিগত ছয় বছৰ ধৰি জেৰুজালেমত বাস কৰা ভিয়েটনামী ‘ফ্ৰান্সিস্কান ভিক্ষু’ ব্ৰাডাৰ জন ভিন্ধে কয় যে ‘এই বছৰ খ্ৰীষ্টমাছ ট্ৰী আৰু পোহৰৰ অবিহনে ইয়াত কেৱল দেখা গৈছে আন্ধাৰ। তেওঁ লগতে কয় যে প্ৰতি বছৰে তেওঁ বেথেলহামলৈ বৰদিন উদযাপন কৰিবলৈ আহে। এইবেলি বৰদিনৰ উদযাপন বাতিল কৰাৰ ফলত বেথেলহামৰ অৰ্থনীতিত এক গুৰুতৰ প্ৰভাৱ পৰে। বেথেলহামৰ আয়ৰ আনুমানিক ৭০ শতাংশই পৰ্যটনৰ পৰা আহে। প্ৰায় সকলো পৰ্যটনৰ ৰাজহ বৰদিনৰ বতৰতে আহে। কিন্তু বিমান সংস্থাই ইজৰাইললৈ বিমান সেৱা বাতিল কৰাৰ ফলত অৰ্থনৈতিক ক্ষেত্ৰতো ইয়াৰ ডাঙৰ প্ৰভাৱ পৰলক্ষিত হয়। স্মৰ্তব্য যে বেথেলহামৰ ৭০খনতকৈও অধিক হোটেল বন্ধ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে, যাৰ ফলত হাজাৰ হাজাৰ লোক নিবনুৱা হৈ পৰিছে।

৭ অক্টোবৰৰ পৰা গাজা ষ্ট্ৰিপত ইজৰাইলৰ আক্ৰমণত নিহত পেলেষ্টাইনীৰ সংখ্যা ২০-২৫লৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৫৩,৬৮৮জন লোক আহত হয়।

Leave A Reply