নিতৌ বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে নিৰাপত্তাহীনতাত কলিয়াবৰীয়া ৰাইজ; উপায়হীন ৰাইজে শৰণাপন্ন হ’ল গণেশ দেৱতাৰ

বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ নিৰাপত্তাহীনতাত ভোগা কলিয়াবৰীয়া গঞাই এইবাৰ গণেশ দেৱতাৰ শৰণাপন্ন হ’ল কলিয়াবৰত। নিশা হ’লেই বনৰীয়া হাতীৰ সন্ত্ৰাসত সন্ত্ৰাসিত হয় কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ গাঁওবাসী।

বনৰীয়া হাতীৰ সন্ত্ৰাস ৰোধৰ বাবে চৰকাৰ আৰু বন বিভাগক আবেদন-নিবেদন কৰিও গাঁওবাসীয়ে সুফল নাপালে। সেয়ে, বন বিভাগৰ ওপৰত ভৰষা হেৰুৱাইছে কলিয়াবৰৰ দেৱৰ সত্ৰৰ গঞাই।

প্ৰায় প্ৰতি নিশাই বনৰীয়া হাতীৰ উপদ্ৰৱ অঞ্চলটোৰ ৰাইজৰ বাবে যেন হৈ পৰিছে দৈনন্দিন জীৱনৰ অভিন্ন অংগ। গতিকে, ৰাইজে বন বিভাগৰ ওপৰত ভৰসা এৰি পূজা-অৰ্চনা কৰিলে নেদেখাজনৰ। গণেশ দেৱতাক পূজাৰে সন্তোষ্ট কৰি পৰিত্ৰাণ বিচাৰিলে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা।


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীয়ে কলিয়াবৰৰ বিভিন্ন অঞ্চলত চলাইছে উপদ্ৰৱ। বিয়াগোম বন বিভাগ এতিয়াও ঘোৰ নিদ্ৰাত। কলিয়াবৰত হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ বন বিভাগৰ নাই পৰ্যাপ্ত সুবিধা। যাৰ ফলত এইদৰে জীয়াতু ভুগিছে কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ গঞাই।

কলিয়াবৰৰ প্ৰায় প্ৰতিটো অঞ্চলতে প্ৰতি নিশাই বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে। স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই হাতী খেদাৰ ব‍্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিছিল যদিও কোনো সুফল নাপালে ৰাইজে। কলিয়াবৰত ক্ৰমাৎ বাঢ়ি অহা হাতী-মানুহৰ সংঘাট নিয়ন্ত্ৰণৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই বন বিভাগক বিশেষ ব‍্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছিল।

সেই সন্দৰ্ভত বন বিভাগক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি যাতে বনৰীয়া হাতীৰ জনাঞ্চলত প্ৰৱেশ ৰোধ কৰিব পাৰে তাৰ বাবে বন বিভাগে কৰ্মৰত বনকৰ্মী বৃদ্ধি কৰিবলৈ জনাইছিল। বনৰীয়া হাতীয়ে যি পথেৰে জনাঞ্চলত প্ৰায়েই প্ৰৱেশ কৰে সেই পথসমূহৰ পৰাই গভীৰ বনাঞ্চললৈ ওভতাই পঠোৱা ব‍্যৱস্থা বন বিভাগে কৰিব বুলিও জনাইছিল মন্ত্ৰীগৰাকীয়ে।

কিন্তু মন্ত্ৰীৰ আশ্বাসকো গুৰুত্ব নিদিয়ে বন বিভাগে। ফলস্বৰূপে বনৰীয়া হাতীৰ উপদ্ৰৱত দিক-বিদিক হেৰুৱাই ভুক্তভোগীয়ে আত্মহত‍্যা কৰিবলৈ বাধ‍্য হ’ব লাগিব বুলিও গুৰুতৰ মন্তব‍্য লগাত পৰিছে। ইফালে হাতীয়ে ক্ষতি সাধন কৰা পৰিয়ালক চৰকাৰৰ ক্ষতিপুৰণৰ নামত শূন্য।

বহু বছৰৰ পৰা ক্ষতি পুৰণৰ নামত ফুটাকৰি এটাও লাভ কৰা নাই ভুক্তভোগী পৰিয়ালে। ৰাইজৰ দাবীৰ প্ৰতি বিভাগীয় হেমাহীৰ বাবে নিতৌ বনৰীয় হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ গাঁওবাসীয়ে লৈছে এই পদক্ষেপ।

Related Articles