Breaking

নলবাৰীত জিলা পৰিবহন বিভাগ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ অন্তিম কাৰ্যসূচী

0 2,040


নলবাৰী জিলা পৰিবহন বিভাগে আজি ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ অন্তিম কাৰ্যসূচী উদযাপন কৰে । যোৱা মাহৰ ১৮ জানুবাৰীৰ পৰা আজিলৈ চলা এই ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ অন্তিম কাৰ্যসূচী । আজি ৰাতিপুৱা পোণ প্ৰথমে পৰিবহন বিভাগৰ উদ্যোগত নলবাৰীৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যলয়ৰ পৰা এটি সজাগতা ৰেলী উলিওৱা হয় । এই ৰেলীটো পৰিবহন নিগমৰ কাৰ্যলয়ৰ পৰা নলবাৰী চহৰৰ মাজেৰে জিলা পৰিবহন বিভাগৰ কাৰ্য্যালয়ত উপস্থিত হয় । তদুপৰি পথ সুৰক্ষা মাহৰ অন্তিম কাৰ্যসূচী উপলক্ষে দিনৰ এক বজাত নলবাৰী পৰিবহন বিষয়াৰ কাৰ্যালয়তে এটি সামৰণি অনুষ্ঠানও অনুষ্ঠিত কৰা হয় । আনহাতে এই অনুষ্ঠানত নলবাৰী জিলাৰ বিভিন্ন বিভাগৰ বহুত কেইজন বিশিষ্ট আমন্ত্ৰিত অতিথি উপস্থিত থাকে তথা আমন্ত্ৰিত অতিথি সকলে পথ সুৰক্ষাৰ ওপৰত নিজৰ নিজৰ মন্তব্য ৰাইজৰ আগত প্ৰকাশ কৰে ।  পৰিবহন বিভাগৰ ভাৰপ্ৰাপ্ত মুখ্য কাৰ্যালয় সহায়ক বিবেকানন্দ গোস্বামীয়ে আঁত ধৰা এই অনুষ্ঠানত নলবাৰী জিলাৰ অতিৰিক্ত উপাযুক্ত ফিৰদোজ অলম চেখ,অতিৰিক্ত আৰক্ষী অধীক্ষক(চিকিউৰিটী) চফিকুল হুচেইন,পৰিবহন বিষয়া সীমান্ত বৰা, যান বাহন পৰিদৰ্শক জয়ন্ত দেউৰী, নলবাৰী মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় অধ্যক্ষ কৃষ্ণ চন্দ্ৰ গৌড়,নলবাৰী কলেজৰ অধ্যক্ষ ড৹ কমল নয়ন পাটোৱাৰী,জিলা মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ দাস সহ প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Leave A Reply