শিলবৰীত স্বৰ্গীয় ছোলেমান আলী প্ৰাইজমানি ক্ৰিকেট টুৰ্ণমেন্টৰ শুভ উদ্বোধন

দৰং জিলাৰ শিলবৰীত ছিৰাজুল হক হাইস্কুল খেল পথাৰত শুক্ৰবাৰে আবেলি দুই বজাত শুভ উদ্বোধন হ’ল স্বৰ্গীয় ছোলেমান আলী প্ৰাইজ মানি ক্ৰিকেট টুৰ্ণমেন্টৰ। শিলবৰী গাঁও পঞ্চায়তৰ সচিব আশ্বাদুদ জামান আশ্বাদে নিজৰ পিতৃ সোঁৱৰণীত আগবঢ়ায় এই পুৰস্কাৰ। আৰম্ভনীতে আশ্বাদুদ জামান আশ্বাদ আৰু শিক্ষক মুছাব্বিৰুল হকে ৰঙা ফিটা কাটি খেল পথাৰৰ মাজত প্ৰৱেশ কৰে। খেল পথাৰত প্ৰথমে উপস্থিত থকা স্থানীয় বিশিষ্ট ব্যক্তিসকলক এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

কণ কণ ল’ৰা ছোৱালীৰ বিহুনৃত্য আৰু শিলবৰী স্কাই লাইন পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত এটা নৃত্যই উপস্থিত থকা সকলোকে এক মনোৰঞ্জন দিয়ে। সকলোৱে থিয় হৈ পৰিৱেশন কৰে ৰাষ্ট্ৰীয় সঙ্গীত।

স্থানীয় বিশিষ্ট প্ৰাক্তন খেলুৱৈ দ্বাৰা আৰম্ভ হ’ল প্ৰথম দিনাৰ উদ্বোধনী খেল। উদ্বোধনী খেলত অংশগ্ৰহণ কৰে শিলবৰী ৰাইনো ক্ৰিকেট দল আৰু বেছিমাৰী ক্ৰিকেট দল। স্বৰ্গীয় ছোলেমান আলী প্ৰাইজ মানি ক্ৰিকেট টুৰ্ণমেন্ট অনুষ্ঠিত কৰা শিলবৰী যুৱ সমাজৰ হৈ ৰাহুল ইছলামে কয় যে এতিয়ালৈ দৰং,ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ প্ৰায় চৈধ্য খন ক্ৰিকেট দলে অংশগ্ৰহণ কৰিছে।

খেলখনত বিজয়ী দলে পাৱ ৩০,০০০ টকা আৰু ট্ৰফি আৰু দ্বিতীয় বিজয়ী দলে পাৱ ১৬,০০০ টকা আৰু ট্ৰফি। লগতে আছে বিভিন্ন পুৰস্কাৰ। খেলখনত অংশগ্ৰহণ বাবে ক্ৰিকেট দলে পৰিচালনা সমিতিক যোগদান মাচুল হিচাপে দিব লাগিব ২৯৯৯ টকা। ১৬-০২-২৪ তাৰিখে শুভ উদ্বোধন হোৱা খেলখন প্ৰায় একমাহ চলিব বুলি জনায়।

বৃহত্তৰ শিলবৰী অঞ্চলৰ ৰাইজ ক্ৰীড়া প্ৰেমী সেই বাবে ৰাইজে অনুষ্ঠিত যি কোনো খেলতে সহায় সহযোগিতা আগবঢ়ায় আৰু প্ৰতিদিনেই খেল পথাৰৰ চাৰিও পিনে সহস্ৰাধিক দৰ্শক ভৰি পৰে। শুক্ৰবাৰে অনুষ্ঠিত উদ্বোধনী খেল খনত উপস্থিত থাকে শিক্ষক তথা যুৱ লেখক মুছাব্বিৰুল হক, আনন্দ ৰাম বৰুৱা একাডেমীৰ প্ৰধান শিক্ষক মাজাহাৰুল ইছলাম, ৰামানুজন একাডেমীৰ প্ৰধান শিক্ষক ছাক্লিন মোস্তাক,শিলবৰী গাওঁ পঞ্চায়তৰ প্ৰাক্তন সদস্য মাইনুল হক, ৰাজীৱ আহমেদ, হুমায়ুন ৰছিদ, শিক্ষক আবুল বাদশাৰ, স্থানীয় যুৱ সমাজ কৰ্মী জিয়াউদ্দিন ইউছোফ, বিশিষ্ট ক্ৰীড়া প্ৰেমী আব্দুল ছাত্তাৰ, আব্দুৰ ৰছিদ,আজাহাৰুল ইছলাম,স্বপন কুমাৰ দাস,বিজয় চন্দ্ৰ ঘোষ, প্ৰবীন কুমাৰ ঠাকুৰ,জাবেৰ আহমেদ আদি কৰি বহু মান্য গন্য ব্যক্তি, লগতে উপস্থিত থাকে শিলবৰী স্কাই লাইন পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী, দুই সহস্ৰাধিক ৰাইজ।

Related Articles