সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ গোস্বামী স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত “সোঁৱৰণীৰ সুবাস” শীৰ্ষক গ্ৰন্থৰ শুভ উন্মোচন…

গুৱাহাটী প্ৰেছ ক্লাৱত সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ গোস্বামী স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত ০৯ অক্টোবৰ, ২০২৩ তাৰিখে “সোঁৱৰণীৰ সুবাস” শীৰ্ষক গ্ৰন্থ এখনিৰ শুভ উন্মোচনী অনুষ্ঠানৰ সম্পন্ন কৰা হয় । বহু আগৰে পৰা বিভিন্ন কাকত আলোচনীত মাজে সময়ে দুই এটা লিখনি লিখি জীৱনৰ শেষ বয়সত হ’লেও স্থায়ী ভাবে সমাজত কিবা এটা থৈ যোৱাৰ মানসেৰে কলম তুলি লোৱা লেখিকা দিব্যৰেখা গোস্বামীৰ “সোঁৱৰণীৰ সুবাস” প্ৰথম খন মৌলিক গ্ৰন্থ। গ্ৰন্থখন উন্মোচন কৰে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সভানেত্ৰী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী মাননীয়া শ্ৰীযুতা মৃণালিনী দেৱী লগতে অৱসৰ প্ৰাপ্ত কেন্দ্ৰীয় কৰ বিষয়া তথা অসমৰ বিশিষ্ট নাগৰিক,চিন্তাশীল ব্যক্তি, বিশিষ্ট লেখক শ্ৰীযুত হেমন্ত বিজয় মহন্ত দেৱে।গ্ৰন্থখন উন্মোচন কৰি ভাষণ প্ৰসঙ্গত বিশিষ্ট সমাজ সেৱিকা মৃণালিনী দেৱীয়ে কয় যে, “লেখিকাৰ লিখনিত প্ৰচুৰ সম্ভাৱনা সোমাই আছে।কাৰণ বিদেশ ভ্ৰমণ কৰি দেখি শুনিয়ে তেখেতে বহু কথা শিকিছে।গোস্বামী আইৰ এই কাৰ্য্য প্ৰসংশনীয় তথা নবীন লেখক লেখিকা সকলৰ বাবে এক প্ৰেৰণা।” আনহাতে আন জন উন্মোচক সত্ৰীয়া সংস্কৃতিৰ সাধক হেমন্ত বিজয় মহন্তই কয় “যি সময়ত লেখিকাই জন্ম গ্ৰহণ কৰিছিল তেনে সময়ত মহিলাই ঘৰৰ ভিতৰতেই ওৰণীৰ তলত নিজকে আবদ্ধ কৰি ৰাখিছিল । কিন্তু তেনে সময়তো লেখিকাই নিজৰ জীৱনটো প্ৰত্যাহ্বান হিচাপে লৈ বিভিন্ন ঠাই ঘূৰি আহৰণ কৰা শিক্ষাৰে পাঠক সমাজৰ বাবে গ্ৰন্থ এখন আগবঢ়াই দিয়াটো বহু ডাঙৰ কথা।”

উক্ত গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট ব্যক্তি কেই গৰাকীৰ লগতে লেখিকা দিব্যৰেখা গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰে। সত্ৰ সংস্কৃতিৰ বাহক পৱিত্ৰ খোল বাদনেৰে অনুষ্ঠানটোৰ শুভ আৰম্ভণি কৰা হয়। তাৰ পাছতে সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ গোস্বামী স্মৃতি ৰক্ষা সমিতিৰ সাধাৰণ সম্পাদিকা মিতালী গোস্বামী ট্ৰচিনে এটি আদৰণী ভাষণেৰে অনুষ্ঠানটিত উপস্থিত আটাইকে উষ্ম আদৰণী জনাই। উল্লেখ্য যে “সোঁৱৰণীৰ সুবাস” গ্ৰন্থখন লেখিকাই তেওঁ‌ৰ প্ৰয়াত স্বামী তথা অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি, শ্ৰী শ্ৰী জকাই সত্ৰৰ সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ গোস্বামীৰ নামত উৎসৰ্গা কৰে। শেষত সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ গোস্বামী স্মৃতি ৰক্ষা সমিতিৰ যুটিয়া সম্পাদিকা মৃণালী চৌধাৰীয়ে অনুষ্ঠানটিত উপস্থিত আটাইলৈ শলাগৰ শৰাই আগবঢ়াই। যুৱ লেখিকা তথা উন্মোচিত গ্ৰন্থখনৰ সম্পাদনাৰ দায়িত্ব লোৱা পাৰিজাত সন্দিকৈয়ে আঁত ধৰা অনুষ্ঠানটিত অৰ্ধশতাধিক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।


Related Articles