নাজিৰাৰ SDPO শুভলক্ষ্মী দত্তই নিৰ্যাতন চলোৱা অনিমা প্ৰজা নামৰ বনকৰা মহিলাগৰাকীৰ কাষত উপস্থিত হ’ল বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰ। ডিব্ৰুগড় আস্থা হস্পিতালত চিকিৎসাধীন বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰে মহিলাগৰাকীৰ স্বাস্থ্যৰ বুজ লয়।
নিৰ্যাতিতা মহিলাগৰাকীৰ সৈতে ঘটনাৰ সন্দৰ্ভত মত-বিনিময় কৰাৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত মহিলা নিৰাপত্তা নোহোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই। বিজেপিৰ হৈ কাম কৰা মহিলাই যদি সুৰক্ষা দিব নোৱাৰা চৰকাৰে সাধাৰণ মহিলাৰ সুৰক্ষাৰ বাবে কি কাম কৰিব বুলি কটাক্ষ কৰে। এই ঘটনাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ জৰিয়তে তদন্তৰ ব্যৱস্থা কৰিবলৈকো দাবী জনাইছে।

