ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰঅন্তৰ্গত টংলা ৩ নং খণ্ডৰ নিবাসী গৌতম সাহা (৪৫) শাৰীৰিক ভাৱে বিশেষ সক্ষম ব্যক্তি গৰাকী বহুতৰ বাবে আদৰ্শ হৈ পৰিছে। পৃথিৱীত জন্ম হৈয়ে পৃথিৱীৰ ৰং-ৰূপ নেদেখা গৌতম সাহা জন্মান্ধ হৈয়ো ভিক্ষা বিচাৰি জীৱন যাপন কৰাৰ পৰিবৰ্তে নিজ কষ্টৰে উপাৰ্জন কৰি চলাইছে নিজৰ ঘৰখন। সম্পূৰ্ণভাৱে অন্ধ হোৱাৰ সত্বেও ক্ষুদ্ৰ গেলামাল দোকানেৰে উপাৰ্জনৰ পথ বাচি লৈছে গৌতম সাহাই। জন্মান্ধ এইজন গৌতম সাহাই প্ৰায় ১০ বছৰ ধৰি টংলা কুকুৰাকাটাৰ দৈনিক বজাৰত এখন ক্ষুদ্ৰ গেলামালৰ দোকানেৰে কৰি গৈছে জীৱন সংগ্ৰাম। মানবীয়তাৰ ওপৰত বিশ্বাস কৰা সাহাই দোকানৰ কিছুমান সামগ্ৰী ক্ৰয়ৰ বাবে অকলে গুৱাহাটী পৰ্যন্ত যাত্ৰা কৰে। সকলোবোৰ কাম আনুমানিক ভাবে কৰা সাহাই সামগ্ৰীবোৰ কঢ়িয়াই অনাত বহুখিনি সমস্যাৰ সন্মুখীন হৈ যদিও আজি পৰ্যন্ত কোনো ক্ৰেতাৰ পৰা সামগ্ৰী ওজন নাইবা টকাৰ লেনদেনত অভিযোগ পোৱা নাই বুলি সদৰী কৰে কুকুৰাকাটাৰ দৈনিক বজাৰৰ অন্য ব্যৱসায়ী সকল। জীৱনৰ ৰং নেদেখা এই গৰাকী ব্যক্তিয়ে বহুতো আবেদন-নিবেদন কৰাৰ পিছতো চৰকাৰৰ পৰা অহা বিকলাংগৰ সা-সুবিধা পাবলৈ সক্ষম হোৱা নাই। কেইবাবাৰো বাতৰিত কাকতত সাহাৰ জীৱন সংগ্ৰাম প্ৰকাশিত হোৱাৰ পিছতো স্থানীয় জনপ্ৰতিনিধি সমূহৰ দৃষ্টিগোচৰ নোহোৱা এই ব্যক্তিজনৰ অৱশেষত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ তেওঁক যেন চৰকাৰৰ পৰা সহায় প্ৰদান কৰে।