Breaking

প্ৰানোচ্ছল হৈ পৰিছে অসম-অৰুনাচলৰ লিকাবালি গাই নৈ-ডিমৌ বনভোজস্থলী…

0 46

বৰদিনৰ দিনটোত চিলাপথাৰৰ ডিমৌ নদীত বনভোজস্হলীত দেখা গ’ল বনভোজ যাত্ৰীৰ ব্যাপক সমাগম। বছৰৰ অন্তিমটো মাহটোত সকলোৱে নিজৰ আত্মীয় স্বজনৰ সৈতে একেলগে এসাঁজ খাই পুৰণিক বিদায় দি নতুনক আদৰাৰ বাবে সকলোৱে হৈছে প্ৰস্তুত। অসম-অৰুনাচলৰ সীমান্তবৰ্তী  চিলাপথাৰ অঞ্চলৰ মোহময়ী ডিমৌ নদীৰ পাৰত এতিয়া সমাগম হৈছে শ শ বনভোজ যাত্ৰী দলৰ।

অৰুণাচল প্ৰদেশৰ পৰা চিলাপথাৰ অঞ্চলৰ মাজেৰে বৈ অহা ডিমৌ নদীত সমবেত হৈছে অলেখ লোক। ডিব্ৰুগড, যোৰহাট,তিনিচুকীয়া, মাকুম, টেঙাখাট,দুলীয়াজান, নাহৰকটীয়া, নাওলীয়া, জোনাই,মৰাণ,লখিমপুৰ,ধেমাজি আদি বিভিন্ন জিলাৰ পৰা বনভোজ যাত্ৰীৰ সমাগমে এক উখল মাখল পৰিবেশ সূচনা হোৱা দেখা গৈছে। প্ৰকৃতিৰ  নৈসৰ্গিক সৌন্দৰ্য্যৰে ভৰপুৰ ডিমৌ নদীত বলিভাত খাবলৈ আহিল অগণন যাত্ৰী।

ব্যস্ততাপূৰ্ণ যান্ত্ৰিক জীৱনৰ পৰা ফালৰি কাটি প্ৰকৃতিৰ কোলাত ক্ষণিক জিৰণি ল’বলৈ আহিল ৰাইজ। মনে মিলা সমনীয়া আৰু জ্ঞাতি কুটুমৰ সৈতে জনপ্ৰিয় গীতৰ তালে তালে নাচি বাগি স্ফুৰ্তি তামাচা কৰি এসাজ জুতি লগাই খাবলৈ বহিল বনভোজৰ দল। একেই দৃশ্য চিলাপথাৰ নগৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগত অৱস্থিত অসম-অৰুণাচল সীমান্তবৰ্তী লিকাবালি গাইনদীৰ পাৰ। অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী এই দুই বনভোজস্থলী অধিক মনোমোহা কৰি তুলিবলৈ প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ৰাইজে।

Leave A Reply