Breaking

ঐতিহ্যপূর্ণ নিতাইপুখুৰী হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ত ওমলিব তলা!

0 40

বিজেপি-মিত্ৰজোঁট চৰকাৰখনে ৰাজ্যৰ ৬৯ খন কলেজৰ লগতে শিৱসাগৰ জিলাৰ নৱগঠিত ডিমৌ সমষ্টিৰ আটাইতকৈ পুৰণি আৰু ঐতিমণ্ডিত নিতাইপুখুৰী হেমচন্দ্ৰ মহাবিদ্যালয়খন বন্ধ কৰিবলৈ সিদ্ধান্ত লোৱাত ছাত্ৰ-ছাত্ৰী, শিক্ষক- শিক্ষয়িত্ৰী আৰু দল-সংগঠন, সচেতন নাগৰিকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বতাধীন বিজেপি চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ আৰু বিজ্ঞ মহল৷

ইফালে মঙলবাৰে একাংশ সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পিছতে নিতাইপুখুৰীত দল-সংগঠন আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মাজত তুমুল প্ৰতিক্ৰিয়া উদ্ভৱ হৈছে৷ এইক্ষেত্ৰত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা নিতাইপানীদিহিং আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি জিতুমণি গগৈয়ে চৰকাৰৰ সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে নিন্দা কৰিছে৷ নেতাজনে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ প্ৰদান কৰে৷

তদুপৰি আগন্তুক লোকসভা নিৰ্বাচন বৰ্জন কৰা হ’ব বুলিও কয়৷ অঞ্চলটোৰ ৰাইজৰ ত্যাগ আৰু পৰিশ্ৰমৰ বিনিময়ত গঢ়ি উঠা মহাবিদ্যালয়খনত তলা ওলমোৱা কাৰ্য কোনো কাৰণতে মানি ল’ব নোৱাৰি ৷ইফালে মহাবিদ্যালয়খনৰ আন এজন প্ৰাক্তন ছাত্ৰ তথা টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলাৰ উপ-সভাপতি সুনিত ফুলকোঁৱৰেও নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ৰাজ্যৰ বিজেপি চৰকাৰখনে ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে৷শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই একাংশ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা হাইস্কুল বন্ধ কৰাৰ পিছত মহাবিদ্যালয় বন্ধ কৰি শিক্ষা ব্যৱস্থাটো বেচৰকাৰী কৰাৰ দিশত অগ্ৰহৰ হ’ব বিচাৰিছে৷

নেতাজনে কয় যে মহাবিদ্যালয়খন বন্ধ হ’লে নিতাইপানীদিহিং অঞ্চলৰ ভিতৰুৱা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী গভীৰ সংকটত পৰিব৷মহাবিদ্যালয়খন অঞ্চলটোৰ গৌৰৱৰ প্ৰতীক৷ নেতাজনে আগন্তুক দিনত চৰকাৰৰ বিৰুদ্ধে এলানি কাৰ্যসূচী লোৱা হ’ব বুলি উল্লেখ কৰে৷ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে কয় যে মহাবিদ্যালয় একত্ৰিকৰণে ৰাজ্যৰ শিক্ষাবিভাগটো ধ্বংস কৰিব৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক সমালোচনা কৰি কয় যে বিজেপি চৰকাৰে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্হাটোক ব্যক্তিগত কৰণত গুৰুত্ব দিছে৷নেতাজনে এইক্ষেত্ৰত সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ মৌনতাক কটাক্ষ কৰি কয় যে বিধায়কে মাত নমতাটো দুভাগ্যজনক৷

নিতাইপুখুৰী হেমচন্দ্ৰ গোস্বামী মহাবিদ্যালয় বন্ধ হ’লে ভয়ংকৰ পৰিস্থিতি সৃষ্টি হ’ব৷মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অচিৰেই কলেজখন বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়৷ইয়াৰ অন্যথা নিতাই-পানীদিহিংবাসী ৰাইজৰ সহযোগত জংগী আন্দোলন গঢ়ি তোলা হ’ব৷ মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কাৰ্যকৰী সভাপতি লৱন চুতীয়াই কয় কলেজখন বন্ধ কোনো কাৰণতে মানি ল’ব নোৱাৰি৷

নেতাজনে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি উল্লেখ কৰে৷ ছাত্ৰ নেতা দীপজ্যোতি গগৈয়ে কয় মহাবিদ্যালয়খন বন্ধ হ’লে অঞ্চলটোৰ ভিতৰুৱা ছাত্ৰ-ছাত্ৰী অধ্যয়নত সমস্যা আহি পৰিব৷ নেতাজনে লগতে কয় সমগ্ৰ একত্ৰিকৰণ প্ৰক্ৰিয়াটোত বিজেপি চৰকাৰৰ গভীৰ ষড়যন্ত্ৰ নিহিত হৈ আছে৷ নেতাজনে মহাবিদ্যালয়খন বন্ধ হ’লে শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰী ভয়ংকৰ পৰিস্থিতি সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিয়ে৷ উল্লেখ্য যে ৰাইজৰ উদ্যোগত ১৯৬৫ চনতে প্ৰতিষ্ঠা হোৱা মহাবিদ্যালয়খন বন্ধ হ’লে আগন্তুক দিনত ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হ’ব সেয়া নিশ্চিত৷

Leave A Reply