জলকীয়াত থকা লুটিনে হৃদযন্ত্ৰৰ পৰা হাড়লৈকে সুৰক্ষিত ৰাখে…

জলকীয়াত থকা লুটিনে হৃদযন্ত্ৰৰ পৰা হাড়লৈকে সুৰক্ষিত ৰাখে। লুটিন নামৰ এবিধ ফ্লেভন’ইড বহু উদ্ভিদ ভিত্তিক খাদ্যত পোৱা যায় যি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াৰ দ্বাৰা বহু ধৰণৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি। লুটিন হৈছে এক প্ৰকাৰৰ ফ্লেভনইড, যি বিশেষভাৱে উদ্ভিদত পোৱা যায় আৰু বহু খাদ্য সামগ্ৰীতো থাকে। ই এক প্ৰকাৰৰ ফাইটোকেমিকেল। বিশেষকৈ জলকীয়া, বিলাহী আৰু চাহত পোৱা যায়। ইয়াৰ ব্যৱহাৰৰ দ্বাৰা কোনবোৰ ৰোগ নিৰাময় হ’ব পাৰে জানো আহক-

লুটিন হৈছে এক শক্তিশালী এন্টিঅক্সিডেন্ট যিয়ে আপোনাৰ শৰীৰক ফ্ৰী ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

মানসিক চাপ কমোৱাৰ লগতে মানসিক শান্তি বৃদ্ধিৰ বাবে লুটিন সাধাৰণতে ব্যৱহাৰ কৰা হয়।

লুটিনয়ে আপোনাৰ স্বাস্থ্য ভাল কৰি ৰখাত সহায় কৰিব পাৰে আৰু ৰোগৰ পৰা ৰক্ষা কৰে।

লুটিনে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে, হাৰ্ট এটেক, হৃদৰোগ বিকলতা, ট্ৰিপল ভেছেল ডিজিজ, ক’ৰ’নাৰী আৰ্টাৰী ডিজিজৰ পৰা সুৰক্ষা প্ৰদান কৰে।

উদ্ভিদ ভিত্তিক খাদ্যত পোৱা লুটিনৰ কাৰ্চিনোজেনিক প্ৰতিৰোধী গুণ আছে। ই কেন্সাৰ সৃষ্টিকাৰী কাৰকৰ বিৰুদ্ধে কাম কৰে আৰু এই ভয়াৱহ ৰোগৰ পৰা আমাক ৰক্ষা কৰে।

হাড়ৰ স্বাস্থ্য উন্নত কৰিবলৈও লুটিন ভিত্তিক খাদ্য ব্যৱহাৰ কৰিব পাৰি। ই আপোনাৰ হাড় শক্তিশালী কৰাত সহায় কৰিব পাৰে।


Related Articles