Breaking

পাটাছাৰকুছি ৰাস মহোৎসৱৰ স্মৃতিগ্ৰন্থ ‘মধুবন’ উন্মোচন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ

0 69

৩০ সংখ্যক পাটাছাৰকুছি আঞ্চলিক ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ “মধুবন” মঙলবাৰে সন্ধিয়া আনুষ্ঠানিকভাবে উন্মোচন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা সাহিত্য একাডেমি বঁটা প্ৰাপক উৰ্খাও গৌৰা ব্ৰহ্মই।

সাংবাদিক আমিনুল হক আৰু যোগান বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক নিতুল শৰ্মাৰ দ্বাৰা সম্পাদিত স্মৃতিগ্ৰন্থ “মধুবন” খন আনুষ্ঠানিকভাৱে উন্মোচন কৰি মন্ত্ৰী ব্ৰহ্মই এক সাৰুৱা ভাষণ ৰাখে।

এই উপলক্ষে উদযাপন সমিতিৰ সভাপতি কুশল ডেকাৰ সভাপতিত্বত ৰাসস্থলীৰ মঞ্চত অনুষ্ঠিত উন্মোচনী সভাত ভৱানীপুৰ অঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মা আৰু বজালীৰ আৰক্ষী অধীক্ষক অজাগৰণ বসুমতাৰীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ ৰাখে।

সভাত স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি গৌতম গোস্বামী, উদযাপন সমিতিৰ সম্পাদক ৰাজীৱ শৰ্মায়ো বক্তব্য ৰাখে। সভাত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰফিকুল হক, বি টি এ ডিৰ শালবাৰী সমষ্টিৰ টি টি এল চি চিৰ অধ্যক্ষ বিনোদ মুছাহাৰী, দক্ষিণ বিজনী কলেজৰ সহযোগী অধ্যাপক সত্যজিৎ বড়ো, সাংবাদিক ৰাজীৱ তালুকদাৰ, বি জে পিৰ অসম প্ৰদেশ যুৱ মৰ্চাৰ কোষাধ্যক্ষ বিদ্যুৎ বিকাশ বৈশ্য আদিয়ে উপস্থিত থাকি মঞ্চ শুৱনি কৰা তথা যথেষ্ঠ লোক উপস্থিত থকা সভাখনত স্মৃতিগ্ৰন্থৰ সম্পাদক আমিনুল হকে সভাৰ উদ্দেশ্য বাখ্যা তথা সম্বৰ্দ্ধনা অনুষ্ঠান আৰু সম্পাদনা সমিতিৰ হকে দুআষাৰ আৰু স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সদস্য দ্বীপেন দাসে শলাগৰ শৰাই আগবঢ়ায়।

Leave A Reply