চিৰিংহোলাত ডিব্ৰুগড় জিলা ভিত্তিত মাৰাথন দৌৰ প্ৰতিযোগিতা সম্পন্ন

সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন চিৰিংহোলা আঞ্চলিক সমিতিৰ উদ্যোগত দশম বাৰ্ষিক ডিব্ৰুগড় জিলা ভিত্তিত প্ৰাইজমাণি মাৰাথন দৌৰ প্ৰতিযোগিতাখন আজি অনুষ্ঠিত হয়। পুৰুষ আৰু মহিলা উভয় শাখাতে সম্পন্ন হোৱা প্ৰতিযোগিতাত পুৰুষৰ শাখাত জকাইৰ ৰতন উৰাঙে, ভাদৈ পাঁচআলিৰ সঞ্জয় ভূমিজে দ্বিতীয়, খাঁজিখোৱাৰ মানচিত অৰেয়াই তৃতীয় আৰু ছোৱালীৰ শাখাত ডিকমৰ নদিয়া পাতৰে প্ৰথম, চাবুৱাৰ পিংকী মাঝিয়ে দ্বিতীয়, ডিকমৰ লক্ষী পাতৰে তৃতীয় স্থান লাভ কৰে। প্ৰতিযোগিতাত দশম স্থানলৈকে বঁটা প্ৰদান কৰা হয়। বঁটা বিতৰণী সভাত লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই মুখ্য অতিথি ৰূপে অংশ লয়। আনহাতে আমন্ত্ৰিত অতিথি হিচাপে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি ডেভিদ চেতিয়া, উপ-সভাপতি দেৱজিত ৰাজখোৱা, সহকাৰী সম্পাদক দেৱঋষি চেতিয়া, ক্ৰীড়া সম্পাদক গিৰিণ চেতিয়া, সাংগঠনিক সম্পাদক ৰূপজ্যোতি বুঢ়াগোঁহাই, তথ্য আৰু প্ৰচাৰ সম্পাদক দীপজয় শইকীয়া, আপকুৰ ডিব্ৰুগড় জিলাৰ সভাপতি ধৰণী গগৈ, লাহোৱাল জিলা পৰিষদৰ সদস্য ভূপেন কুমাৰ গগৈ, আৰ ডি শৈক্ষিক কেন্দ্ৰৰ সঞ্চালক মনোজ ধানোৱাৰ, চিৰিংহোলা গাঁও পঞ্চায়তৰ সভাপতি ঋতু গোঁহাইৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। মুখ্য অতিথিৰ ভাষণ প্ৰসংগত বিধায়ক ঋতুপৰ্ণ বৰুৱাই চিৰিংহোলা আঞ্চলিক মটক যুৱ-ছাত্ৰ সন্মিলনৰ ভূমিকাক শলাগ লৈ ক্ৰীড়াক্ষেত্ৰত সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰে। চৰকাৰেও ক্ৰীড়া উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু কৰ্মৰ কথা উল্লেখ কৰে। লাহোৱাল ক্ৰীড়া সন্থাৰ বিভিন্ন অনুশীলনৰ কথা ব্যক্ত কৰে দীপজয় শইকীয়াই। মনোজ ধানোৱাৰেও শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। পুৱা ল’ৰাৰ আৰু ছোৱালীৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে টিংৰাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পোপাল গগৈ আৰু টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুলমণি দাসে। প্ৰতিযোগিতাৰ আগদিনা ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক সোমেধৰ বৰুৱাই। ছহিদ তৰ্পণ কৰে চিৰিংহোলা বাপঙজী যুৱক সংঘৰ উপদেষ্টা ভৱেন গগৈয়ে। বৃক্ষৰোপন কৰে ঘোঁৰামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ কুমাৰ নথ, বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দীপা শইকীয়া আৰু চিৰিংহোলা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক জিতুল গগৈয়ে। সন্ধিয়া সামুহিক বন্তি প্ৰজ্বলন কৰে বলোৰাম কোঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক যুগল কোঁৱৰে। মুকলি আৰু বঁটা বিতৰণী সভাত সভিপতিত্ব কৰে প্ৰবীণ খেলুৱৈ তথা চৰকাৰী গাঁওবুঢ়া সুব্ৰত বৰুৱাই। সভাতেই অসম প্ৰশাসনীয় সেৱাৰ পৰীক্ষাত সফলতা অৰ্জন কৰা তৰঙ্গজিৎ বৰুৱাক বিশেষ অভিনন্দন জ্ঞাপন কৰাৰ লগতে মদাৰখাত মৌজাৰ প্ৰবীণ খেলুৱৈ সুব্ৰত বৰুৱা, হৰি কুমাৰ দত্ত, গুণিন গগৈ, হৰেন গগৈ, জগত গগৈ আৰু শৈলেন গোঁহাইক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আঁত ধৰে যুগল কোঁৱৰ আৰু চিৰিংহোলা আঞ্চলিক মটক যুৱ-ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰশান্ত দত্তই। চিৰিংহোলা আঞ্চলিক মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি-সম্পাদক সঞ্জু হাজৰিকা আৰু কল্পজ্যোতি কোঁৱৰে প্ৰতিযোগিতাখনি সুচাৰুৰূপে সামৰণিৰ বাবে সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

Related Articles