Breaking

সলনি হোৱাৰ দিশে মৃত্যুদণ্ডৰ পদ্ধতি ! কেন্দ্ৰই গঠন কৰিব বিশেষজ্ঞ কমিটি…

0 65

এজন অপৰাধীক কেনেদৰে দিয়া হ’ব মৃত্যুদণ্ড। কি পদ্ধতিত কাৰ্যকৰী কৰা হব আদালতৰ নিৰ্দেশ। ভাৰতত মৃত্যুদণ্ডৰ কাৰ্যকৰী কৰা হয় ফাঁচী দি। দণ্ডিতজনৰ মূৰ কলা টুপিৰে ঢাকি দিয়া হয় প্ৰথম পৰ্যায়ত। নিৰ্দিষ্ট সময়ৰ লগে লগে জাল্লাদ গৰাকীয়ে এই কাৰ্য সমাধা কৰে। প্ৰায় আধা ঘন্টা মৃত্যুদণ্ডৰে দণ্ডিত জনক ওলোমাই থোৱা হয়। মৃতদেহটো উঠাই আনি চিকিৎসকে মৃত বুলি ঘোষনা কৰাৰ পিছত এই কাৰ্যৰ অন্ত পৰে। ৰচীৰে ওলোমাই কাৰ্যকৰী কৰা মৃত্যুদণ্ড সম্পৰ্কীয় এক গোচৰ চলি আছে উচ্চতম ন্যায়ালয়ৰ মজিয়াত। গোচৰটোৰ শুনানী গ্ৰহন কৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে ২১ মাৰ্চত কেন্দ্ৰক বিষয়টোৰ সন্দৰ্ভত সবিশেষ অৱগত কৰিবলৈ নিৰ্দেশ দিছিল।

আদালতৰ নিৰ্দেশ মৰ্মে ২মে’ত কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক ফাঁচীৰ সন্দৰ্ভত এখন বিশেষজ্ঞ কমিটি গঠনৰ বিবেচনা কৰাৰ বিষয়ে অবগত কৰে। উচ্চতম ন্যায়ালয়ে বিষয়টোৰ সন্দৰ্ভত জুলাই মাহত পৰবৰ্তী শুনানীৰ দিন ধাৰ্য কৰিছে। অধিবক্তা ঋষি মালহোত্ৰাই ফাঁচীকাঠত দোষী গৰাকীক ওলোমাই মৃত্যুদণ্ড প্ৰদান কৰা কাৰ্য নিষ্ঠুৰ আৰু অমানবীয় বুলি মন্তব্য কৰে। কিয়নো দণ্ডিত গৰাকীৰ মৃত্যু নোহোৱা পৰ্যন্ত প্ৰায় আধা ঘন্টা ওলোমাই ৰখা হয়। উল্লেখযোগ্য যে ফাঁচী দিয়া কাৰ্য সম্পাদন কৰে জাল্লাদে।

বৰ্তমান বহু ব্যক্তিয়ে জাল্লাদৰ কাম কৰিবলৈ অনিচ্ছুক। একেদৰে ফাঁচীকাৰ্যত ব্যবহৃত ৰচীডাল বিশেষ ভাবে প্ৰস্তুত কৰা হয়। আনহাতে একাংশৰ মতে আদালতে ফাঁচীৰ নিৰ্দেশ দিয়া ব্যক্তি গৰাকী জঘন্যতম কাৰ্যত লিপ্ত থকাৰ বাবে এই শাস্তি প্ৰদান কৰা হয়। এনে নিৰ্দেশে অপৰাধত লিপ্ত থকা অথবা তেনে মানসিকতাৰ ব্যক্তিৰ বাবে এক সকিয়নি স্বৰূপ বুলি এচামে মত প্ৰকাশ কৰিছে। ফাঁচীৰ নিৰ্দেশে এটা দুৰ্ভগীয়া পৰিয়ালক কিছু পৰিমানে হ’লেওঁ শান্তি প্ৰদান কৰে বুলি একাংশই কব বিচাৰে। ভাৰতত মৃত্যুদণ্ডৰে দণ্ডিত অপৰাধীক কি পদ্ধতিত মৃত্যু দিয়া হব তাৰ বিষয়ে কেন্দ্ৰই গঠন কৰিবলগীয়া বিশেষজ্ঞ কমিটিয়ে বিবেচনা কৰি প্ৰতিবেদন দাখিল কৰিব চৰকাৰক। আদালতে প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কি সিদ্ধান্ত গ্ৰহন কৰে তাৰ ওপৰতেই মৃত্যুদণ্ডৰে দণ্ডিতই মৃত্যু পোৱাটো নিৰ্ভৰ কৰিব।

Leave A Reply