মিচিং জাতীয় উৎসৱ আলি আঃয়ে লৃগাঙক ৰাজ্যিক বন্ধ ঘোষণাৰ দাবী মিচিং জাতীয় সংগঠনৰ; দহখন জিলা বন্ধ ঘোষণাক আদৰণি

মিচিং জাতীয় উৎসৱ আলি আঃয়ে লৃগাঙক ৰাজ্যিক বন্ধ দিয়াৰ দাবী জনাইছে মিচিং জাতীয় সংগঠনসমূহে ৷ দেওবাৰে ধেমাজি জিলাৰ গোগামুখ আবতানি লতাত অনুষ্ঠিত হোৱা এখন সংবাদমেলত মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে, টি এম এম কেৰ কেন্দ্ৰীয় সমিতিসমূহৰ নেতৃত্ববৃন্দই এই দাবী উত্থাপন কৰে ৷

মিচিং জাতীয় সংগঠন টি এম পি কেৰ সভাপতি তিলক দলে, সাধাৰণ সম্পাদক ছান দঃঞি পাংগিং, এম এম কেৰ সভাপতি সুনীল কুমাৰ পেগু, সাধাৰণ সম্পাদক পুৰুষোত্তম দলে, টি এম এম কেৰ কেন্দ্ৰীয় সম্পাদিকা শৰ্মিলা পায়েং পেগুৱে সংবাদমেলত উপস্থিত থাকি কয়- আলি আঃয়ে লৃগাঙক ৰাজ্যিক বন্ধ ঘোষণা সন্দৰ্ভত বিভিন্নজনে বিভিন্ন মন্তব্য আগবঢ়াইছে ৷

সামাজিক মাধ্যমত বিষয়টোৱে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ যিসকলে আলি আঃয়ে লৃগাঙক চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী জনাইছে তেওঁলোকক আমি আদৰণি জনাইছোঁ ৷ কিন্তু বিষয়টো লৈ কিছুমান ৰাজনৈতিক দলৰ কৰ্মী-সদস্যই ৰাজনৈতিক ৰহন সনাৰ অপচেষ্টা চলাই আহিছে আৰু উত্তেজনামূলক বক্তব্য ৰাখি মিচিং সমাজৰ মাজত ভাতৃঘাতী সংঘাটৰ সূচনা কৰিব বিচাৰিছে ৷

যিটো আমি কোনোপধ্যেই মানি ল’ব নোৱাৰোঁ ৷ যিসকলে আলি আঃয়ে লৃগাঙক ৰাজ্যিক ভিত্তিত বন্ধ ঘোষণাৰ দাবী জনাইছে তেওঁলোকে মিচিংসকলৰ ষষ্ঠ অনুসূচী লাভ কৰাৰ ক্ষেত্ৰতো মাত মাতিবলৈ আহ্বান জনায় ৷ আলি আঃয়ে লৃগাং ৰাজ্যিক ভিত্তিত চৰকাৰী বন্ধৰ দাবী মিচিং জাতীয় সংগঠনসমূহৰ দীৰ্ঘদিনীয়া দাবী ৷

এই দাবীৰ বাবে মিচিং অধ্যূষিত অঞ্চলৰ দহখন জিলাত চৰকাৰে বন্ধ ঘোষণা কৰিছে ৷  আন জিলাসমমূহত চৰকাৰে যি  স্থানীয় সীমিত বন্ধ ঘোষণা কৰিছে  তাক লৈ আমি মিচিং জনসাধাৰণে আদৰণি জনাইছোঁ আৰু  ৰাজ্যিক বন্ধৰ দাবীও চলি থাকিব ৷  ষষ্ঠ অনুসূচী আমাৰ সপোন ৷

এই সপোন অচিৰেই বাস্তৱ ৰূপ পাব বুলি তেওঁলোকে সংবাদমেলত সদৰি কৰে ৷ সংবাদমেলত তেওঁলোকে লগতে কয়- সুস্থ বিতৰ্কৰ বাবে আমি মিচিং জাতীয় সংগঠনসমূহ সদায় সাজু আছো ৷ কিন্তু বিতৰ্কৰ নাম, সমালোচনাৰ নামত অভব্য মাত দিয়া, সামাজিক মাধ্যমত নিকৃষ্ট মন্তব্য দিয়া আৰু উচতনিমূলক মন্তব্য দিয়াটো আমি কোনো কাৰণতে গ্ৰহণ নকৰোঁ বুলিও মন্তব্য দিয়ে ৷ তেওঁলোকে সকলোপক্ষকে উচতনিমূলক মন্তব্য নিদিবলৈ সকীয়াই দিয়ে৷ সংবাদমেলত টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ কেন্দ্ৰীয় সদস্যবৃন্দও উপস্থিত থাকে ৷

Related Articles