মিচিং জনগোষ্ঠীৰ আঃবাং সন্মত ৰীতি- নীতি আৰু আধুনিক জীৱন-পদ্ধতি সংমিশ্ৰণৰ আধাৰত মিচিং জাতীয় সংগঠনৰ সমূহে সৰ্বসন্মতিক্ৰমে প্ৰস্তুত কৰা নিয়মাৱলী সম্পৰ্কে মিচিং অধ্যুষিত ৩৫ টাতকৈয়ো অধিক স্থানত আলোচনা সভা অনুষ্ঠিত কৰা হয়। উক্ত আলোচনা সভাবোৰত কেন্দ্ৰীয় নেতৃবৃন্দৰ একোটাকৈ সদস্যৰ দলে অংশগ্ৰহণ কৰে।
কাকতলৈ প্ৰেৰণ কৰা এক বিবৃটিত মিচিং বাঃনৗ কৗবাঙৰ সভাপতি পৰমানন্দ চায়েঙ্গীয়াই এইদৰে জানিবলৈ দিয়ে ৷ তেওঁ বিবৃটিত জনোৱা মতে লৃগাং সম্পৰ্কীয় আলোচনা সভাবোৰত সকলো মিচিং অধ্যুষিত অঞ্চলত আলি আঃয়ৗ লৃগাং একে ৰীতি-নীতিৰে বা দস্তুৰ অনুসৰি উদ্যাপন কৰা সম্পৰ্কে আলোচনা কৰা হয়। মিচিং জাতীয় সংগঠন মিচিং বাঃনৗ কৗবাং, টি এম পি কে, টি এম এম কে, এম এম কে, মিচিং আগম কৗবাং, মিচিং দৃৰবৃ কৗবাঙৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দৰ দ্বাৰা অনুষ্ঠিত কৰা উক্ত সভাবোৰত আলি আঃয়ৗ লৃগাং উদ্যাপনত মিচিঙৰ পুৰণি আখ্যান আঃবাঙৰ ওপৰত পূৰ্ণাংগভাৱে নিৰ্ভৰ কৰি পালন কৰিব লাগিব যদিও কিছু সংশোধন কৰাৰ নিয়ম কৰা হৈছে৷
সভাবোৰত মিচিং বাঃনৗ কৗবাঙে কৰা অনুমোদিত নিয়মাৱলী কাৰ্যকৰী কৰাৰ বাবে আলি আঃয়ৗ লৃগাং উদ্যাপন সমিতি সমূহৰ লগত জৰুৰী ভাৱে আলোচনা অনুষ্ঠিত কৰা সম্পৰ্কে আলোচনা কৰা হয়। মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত এক নিৰ্দিষ্ট বিষয়ৰ ওপৰত একেটা দিনত কেন্দ্ৰীয় নেতৃবৃন্দৰ অংশগ্ৰহণেৰে’ এনে বৃহৎ কাৰ্যসূচী প্ৰথম বাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে ৷
বিবৃটিত তেওঁ লগতে জনায় যে, আগন্তুক ১৪ ফেব্ৰুৱাৰীত উদ্যাপিত কৰিব লগা মিচিং জাতীয় উৎসৱ আলি আঃয়ৗ লৃগাঙৰ পৰাই মিচিং জাতীয় সংগঠনৰ সিদ্ধান্তসমূহ কাৰ্যকৰী হ’ব বুলি মিচিং বাঃনৗ কৗবাঙৰ কেন্দ্ৰীয় সভাপতি পৰমানন্দ চায়েঙ্গীয়াই জানিবলৈ দিয়ে ৷
![](https://www.dainandinbartagroup.in/wp-content/uploads/2024/02/5a68f330-918f-4701-9195-4b276af398a4-558x1024.jpg)
তেওঁ কয়- লৃগাং স্থলীত আলি আঃয়ৗ লৃগাঙৰ উৎপত্তিৰ ঐতিহাসিক পটভূমি সম্পৰ্কে মিচিং জাতীয় সংগঠনসমূহে লোৱা সিদ্বান্ত আৰু মিচিং বাঃনৗ কৗবাঙৰ দ্বাৰা অনুমোদিত আখ্যান কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰি ইয়াক পাঠ কৰিব লাগিব লগতে মিচিং বাঃনৗ কৗবাঙৰ চৰ্তাৱলী কাৰ্যকৰী কৰিব লাগিব ৷