Breaking

সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…

0 11

সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে।হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়ন মুলক কামত ধৰ্মীয় সংখ্যালঘু লোক আকৃষ্ট হৈছে ।আজি নলবাৰীত এই মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সংখ্যালঘু তুষ্টিকৰণৰ চৰ্চা সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত জয়ন্ত মল্ল বৰুৱাই কয় আমি ভাৰতবৰ্ষৰ ভিতৰত ভোট খুজিছো পাকিস্তান বা বাংলাদেশত ভোট খোজা নাই। ভাৰতৰ ভিতৰত থকা সকলো লোকৰে ভোট আমাক লাগে বুলিও মন্তব্য কৰিলে জয়ন্ত মল্ল বৰুৱাই। ইপিনে মুল্যবৃদ্ধিৰ বাবে নিৰ্বাচনত ভোটদানৰ হাৰ কমিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় মুল্যবৃদ্ধি কত হৈছে।আপোনালোকেহে মুল্যবৃদ্ধি দেখিছে আমাৰ মতে কমিছেহে গেছৰ দাম কমিছে পেট্ৰলৰ দাম কমিছে বুলিহে জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰে।

ইপিনে এইবাৰ বৰপেটাত বিৰোধীবিহিন নিৰ্বাচন হোৱা বুলিও মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই। নলবাৰীত আজি নিৰ্বাচনী সভাত অংশ লৈ এইদৰে কলে জয়ন্ত মল্ল বৰুৱাই। আনহাতে এইবাৰ পুৰুষৰ কাৰণে আঁচনি প্ৰস্তত কৰা বুলি মন্তব্য কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে পৰিয়ালৰ মুৰব্বীৰ নামত দুটাকৈ বীমাকৰণ কৰা হৱ। এই নিৰ্বাচনী সভাতে নলবাৰী সমষ্টিৰ পৰা এক লাখ ত্ৰিশ হাজাৰ ভোট ফণীভূষণ চৌধুৰীক প্ৰদান কৰিব লাগিব বুলিও জয়ন্ত মল্ল বৰুৱাই ভোটাৰ ৰাইজক আহ্বান জনায়। একেদৰে ধুবুৰীত শুকুৰ আলিয়েও জয়ী হৱ বুলি কয় ৰকিবুল হুছেইনেও জয়ী হৱ বুলি কয় বুলি ৰকিবুলহুছেইনক কটাক্ষ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। আনহাতে এই নিৰ্বাচনী সভাত অংশ লৈ অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই চি পি আই এম আৰু কংগ্ৰেছক সমালোচনা কৰে।

Leave A Reply