Breaking

শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আচঁনিৰ ধন আজিও পাবলৈ সক্ষম নহ’ল

0 2,014

ৰৌতাচাৰিআলি প্ৰতিবেদক :ৰাজ্য চৰকাৰে প্ৰতি বছৰে আদিবাসী আৰু চাহ জনজাতিৰ  শিক্ষিত দুখীয়া মেধাবী ছাত্ৰ ছাত্ৰী সকলৰ মাজত আৰ্থিক ভাৱে সকাহ দিয়াৰ উদ্দেশ্য  প্ৰৱৰ্তন কৰিছিল শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আচঁনি । এই আচঁনিখনৰ জৰিয়তে প্ৰতি বছৰে  ২৫ হাজাৰ টকা আগবঢ়োৱা  হৈছিল । যদিওঁ পৰবৰ্তী সময়ত এই আচঁনিখনৰ ধন ২৫ হাজাৰ টকাৰ পৰিবৰ্তে ৰাজ্য চৰকাৰে  ১২ হাজাৰ টকাহে   আগবঢ়োৱাৰ  সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে , ঢেকীয়াজুলিত বৃটিছৰ গুলীত মৃত্যুৱৰণ কৰা শ্বহীদ দয়াল দাস পানিকাৰ নামত ঘোষণা কৰা এই আচঁনিৰধন ৰাজ্যখনৰ প্ৰতিখন জিলাতে পাবলৈ সক্ষম হ’ল যদিও ওদালগুৰি জিলাত এই আচঁনিৰধন আজি এটা বছৰে শিক্ষিত নিবনুৱা যুবক-যুৱতী সকলে  কিন্তু পাবলৈ সক্ষম নহ’ল।  এই সন্দৰ্ভত ওদালগুৰি জিলাৰ শিক্ষিত নিবনুৱা যুৱক -যুৱতীসকলে বিৰ্ভাগীয কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাৰ পিছত বাচনি তালিকা এখন প্ৰকাশ কৰিছিল যদিও সেই বাচনি  তালিকাখন প্ৰকাশ হোৱা আজি তিনি চাৰি মাহ হ’ল  তথাপি  আজি পৰ্য্যন্ত ওদালগুৰি জিলাত আদিবাসী যুৱক-যুৱতীৰ সকলে আচঁনখনৰ ধন পাবলৈ সক্ষম হোৱা নাই।  শিক্ষিত মেধা সম্পূৰ্ণ আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰী সকলক ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আচঁনিখন ওদালগুৰি জিলাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলক কিয় বঞ্চিত কৰা  হ’ল । ইয়াকে লৈ জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । বিষয়টো মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে নিবনুৱা যুৱক-যুৱতীসকলে ।

Leave A Reply