Breaking

চামগুৰিৰ ভেলেউগুৰিৰ দুটি সন্তানৰ মাতৃ জটিল ৰোগত আক্ৰান্ত ! উন্নত চিকিৎসাৰ বাবে বহু লাখ টকাৰ প্ৰয়োজন…

0 43

চামগুৰিৰ ভেলেউগুৰিৰ দুটি সন্তানৰ মাতৃ জটিল ৰোগত আক্ৰান্ত।।
উন্নত চিকিৎসাৰ বাবে বহু লাখ টকাৰ প্ৰয়োজন ।।
আৰ্থিক সহায়ৰ বাবে ৰাইজ আৰু চৰকাৰক কাতৰ আনুৰোধ।।

নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ ভেলেউগুৰি অঞ্চলৰ অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলা এক জটিল ৰোগত আক্ৰান্ত হৈ আজি দুমাহ ধৰি গুৱাহাটীত চিকিৎসা অৱস্থাত আছে যদিও বৰ্তমান আৰ্থিক অভাৱৰ ভাবে দিশহাৰা হৈ পৰিছে ৷ জানিব পৰা মতে ভেলেউগুৰি অঞ্চলৰ অতি দৰিদ্ৰ পৰিয়ালৰ তিলোত্তমা হাজৰিকা ভূঞা নামৰ মহিলা গৰাকীয়ে স্বামীৰ মৃত্যুৰ পিছত নিজৰ দুই সন্তানৰ সহ জীৱন নিৰ্বাহ কৰি আহিছিল ৷ উল্লেখ্য যে তিলোত্তমা হাজৰিকা ভূঞাৰ স্বামী দিলিপ ভূঞা ২০২১ চনৰ ২৯ মাৰ্চ তাৰিখে কলং নদীত গা ধুবলৈ গৈ পিছল খাই পৰি মৃত্যু হৈছিল ৷ তাৰ পিছৰ পৰাই তিলোত্তমা হাজৰিকা ভূঞাই কাম-বন কৰি দুটি সন্তানক পোহপাল দি আহিছিল যদিও আজি দুমাহ পূৰ্বে এক জটিল ৰোগত আক্ৰান্ত হয় ৷ বৰ্তমান গুৱাহাটী বি বৰুৱা কেঞ্চাৰ হাস্পতালৰ তত্বাবধানত চিকিৎসাধীন অৱস্থাত আছে যদিও অতি দৰিদ্ৰ পৰিয়ালটোৱে আৰ্থিক দুৰবস্থাৰ কাৰণে দিশহাৰা হৈ পৰিছে ৷

অতি দৰিদ্ৰ পৰিয়ালৰ এক মাত্ৰ উপাৰ্জনকাৰী তিলোত্তমা হাজৰিকা ভূঞা জটিল ৰোগত আক্ৰান্ত হোৱাত তেওঁৰ ১৫ বছৰীয়া কন্যা আৰু ১০ বছৰীয়া পুত্ৰই তেওঁলোকৰ মাতৃৰ চিকিৎসাৰ বাবে ৰাইজৰ পৰা সহায় বিচাৰিছে ৷ অতি দৰিদ্ৰ পৰিয়ালটোৱে সাচতীয়া পইছাৰ লগতে একাংশ স্থানীয় লোকৰ সহায়ত গুৱাহাটীত চিকিৎসা প্ৰদান কৰি আছে যদিও বৰ্তমান টকাৰ অভাব হোৱাত দিশহাৰা হৈ পৰিছে ৷ দিনহাজিৰা কৰি পৰিয়াল তথা দুটি সন্তানক পোহপাল দিয়া তিলোত্তমা হাজৰিকা ভূঞাক উন্নত চিকিৎসাৰ বাবে বৰ্তমান বহু লাখ টকাৰ প্ৰয়োজন ৷ এইক্ষেত্ৰত অতি দৰিদ্ৰ পৰিয়াল তথা দুই সন্তানে মাতৃক উন্নত চিকিৎসা কৰাবৰ বাবে সুহৃদবান লোকৰ পৰা সহায় বিচাৰিছে ৷

লগতে চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক জীতু গোস্বামীৰ লগতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অতি দৰিদ্ৰ পৰিয়ালটোৰ কথা চিন্তা কৰি জটিল ৰোগত আক্ৰান্ত হোৱা তিলোত্তমা হাজৰিকা ভূঞাৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ পৰিয়াল তথা দুই সন্তানে কাতৰ অনুৰোধ জনাইছে ৷ অসম চৰকাৰৰ লগতে কোনো সুহৃদবান লোকে যদি তিলোত্তমা হাজৰিকা ভূঞাৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক ভাবে সহায় কৰিলে lFSC SBlN 0002119 একাউণ্ট নম্বৰ 32823074118 আৰু বৰ্তমান চিকিৎসা অৱস্থাত থকা তিলোত্তমা হাজৰিকা ভূঞাৰ বিষয়ে জানিবলৈ হ’লেও 9678456838 ফোন নম্বৰটোত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ৷

Leave A Reply