কাইলৈ নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ মাজত স্বাক্ষৰিত হ’ব বহু প্ৰত্যাশিত শান্তি চুক্তি

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুকুৰবাৰে সন্ধিয়া ৫ বজাত নতুন দিল্লীত আলোচনাপন্থী আলফাৰ প্ৰতিনিধিসকলৰ মাজত স্বাক্ষৰিত হ’ব শান্তি চুক্তি।

নতুন দিল্লীত আলোচনাপন্থী আলফাৰ শীৰ্ষ নেতৃত্ব ইতিমধ্যেই উপস্থিত হৈছেগৈ।

অনুপ চেতিয়া, অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত আলফাৰ প্রতিনিধি দল উপস্থিত নতুন দিল্লীত।

শান্তি চুক্তিয়ে সামৰি ল’ব অসমৰ বহুকেইটা মূল সমস্যা। শান্তি চুক্তিক লৈ উৎসুক অসমবাসী।

Related Articles