Breaking

নগৰবেৰাৰ পলাহৰটাৰীত এগৰাকী লোকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ

0 68

মৃত লোকজন ধুবুৰী জিলাৰ কঠলামাৰী চৰৰ কৰ্মসূত্ৰে আছিল নগৰবেৰাৰ পলাহৰটাৰী বজাৰত৷

বাঁহ-বেতৰ কামৰ লগত জড়িত আছিল মৃত লোক জন৷

আন দিনাৰ দৰে যোৱা নিশাও নিজৰ কৰ্ম সামৰি জুপুৰি ঘৰটোত শুই আছিল লোক জন৷

হঠাৎ ৰাতিপুৱা শুৱাপাটীতেই মৃত্যু হোৱা খবৰ ৰাষ্ট্ৰ হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷

মৃত লোক জন তাহেৰ আলী (৩৮)৷ মৃত তাহেৰ আলীৰ ঘৰ ধুবুৰী জিলাৰ কাঠলামাৰী চৰত বুলি জানিব পৰা গৈছে৷

ইতিমধ্যেই সমগ্ৰ ঘটনা সন্দৰ্ভত নগৰবেৰা আৰক্ষীক অৱগত কৰাৰ লগতে টেলিফোন যোগে পৰিয়ালৰ লোকক খবৰ দিয়ে স্থানীয় ৰাইজে৷

ঘটনাস্থলীত নগৰবেৰা আৰক্ষীয়ে উপস্থিত হৈ জুপুৰি ঘৰটোৰ পৰা লোক জনৰ মৃতদেহ উদ্ধাৰ কৰে৷

সমগ্ৰ ঘটনাই নগৰবেৰাৰ পলাহৰটাৰী অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷

Leave A Reply