ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হাঁহচৰাৰ এলিভা বুঢ়াগোঁহাইৰ

শিৱসাগৰৰ হাঁহচৰা লংকাক গোঁহাই গাঁৱৰ এলিভা বুঢ়াগোঁহাই নামৰ এগৰাকী যুৱতীয়ে চাৰিটাকৈ আহোম যুগৰ অসমৰ প্ৰাচীন কীতিচিহ্ন এটা শিলতে অংকণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়।হাঁহচৰা লংকাক গোঁহাই গাঁৱৰ পিতৃ শৰৎ বুঢ়াগোঁহাই আৰু মাতৃ সুনীমা বুঢ়াগোঁহাইৰ কন্যা এলিভা বুঢ়াগোঁহাইয়ে এটা শিলতে আহোম যুগৰ অসমৰ চাৰিটা প্ৰাচীন কীতিচিহ্ন ৰংঘৰ,কাৰেংঘৰ,তলাতল ঘৰ ,শিৱদৌল অংকণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়।

সৰুতে যদিও এলিভাই চিত্ৰ অংকণৰ প্ৰশিক্ষণ লৈছিল যদিও ভালদৰে কোনো প্ৰশিক্ষণ নোলোৱাকৈয়ে একমাত্ৰ ইউটিউব,ইনষ্ট্ৰাগ্ৰামৰ পৰা কিছু আয়ত্ব কৰি বৰ্তমান বিভিন্ন খেলুৱৈ,ৰাজনৈতিক,গায়কৰ চিত্ৰও অংকণ কৰিছে এলিভাই।কোনো প্ৰশিক্ষণ নোলোৱাকৈ অসমৰ আহোম যুগৰ চাৰিটাকৈ প্ৰাচীন কীতিচিহ্ন এটা শিলতে অংকণ কৰি ইণ্ডিয়া বুক অফ ৰেৰ্কডছত নাম অন্তভুক্ত কৰি গৌৰান্বিত এলিভা বুঢ়াগোঁহাই।এলিভা বুঢ়াগোঁহাই এগৰাকী ফেশ্বন ডিজাইনাৰ।ভৱিষ্যতে এগৰাকী সফল ফেশ্বন ডিজাইনাৰ হোৱাৰ আশা মনত পুহি ৰাখিছে এই গৰাকী ইণ্ডিয়া বুক অফ ৰেৰ্কডছত নাম অন্তৰ্ভুক্ত কৰা হাঁহচৰাৰ লংকাক গোঁহাই গাঁৱৰ যুৱতী এলিভা বুঢ়াগোঁহাইয়ে।

Related Articles