বিগ বছ ১৭ৰ প্ৰথম ৬ গৰাকী প্ৰতিযোগীৰ নাম প্ৰকাশ, আছে এগৰাকী বিখ্যাত সাংবাদিকো…

বিগ বছ ১৭ৰ প্ৰথম ৬ গৰাকী প্ৰতিযোগীৰ নাম প্ৰকাশ। বিগ বছৰ নতুন প্ৰমোত প্ৰতিযোগীসকলৰ আভাস দেখুওৱা হৈছে। য’ত আছে জনপ্ৰিয় চেলিব্ৰিটি দম্পতী, দুগৰাকী সুন্দৰী, এজন সুদৰ্শন যুৱক আৰু এজন বিখ্যাত সাংবাদিক। জানো কোন কোন প্ৰথম ৬ জন প্ৰতিযোগী, যাৰ আভাস দেখা গৈছে বিগ বছ ১৭ৰ নতুন প্ৰমোত।


বিগ বছ ১৭ (বিগ বছ ১৭ ছলমান খান)ৰ প্ৰথম প্ৰতিযোগী হৈছে জনপ্ৰিয় চেলিব্ৰিটি দম্পতী। যদিও প্ৰমো ভিডিঅ’টোত চেলিব্ৰিটি দম্পতীৰ মুখ দেখা নাযায়, তথাপিও ক’ব পাৰি যে অভিনেত্ৰী অংকিতা লোখাণ্ডে আৰু তেওঁৰ স্বামী বিকি জৈন।

থাকিব প্ৰিয়ংকা চোপ্ৰা আৰু পৰিনীতি চোপ্ৰাৰ ভগ্নী মনৰা চোপ্ৰা। মনৰা দক্ষিণৰ বহু ছবিত কাম কৰিছে।

অংশগ্ৰহণ কৰিব উদাৰিয়ান ধাৰাবাহিক অভিনেত্ৰী ঈশা মালভিয়া। লগতে উদাৰিয়ান অভিনেতা অভিষেক কুমাৰেও বিগ বছ ১৭ৰ অংশ হ’বলৈ গৈ আছে।

সাংবাদিক জিগনা ভোহৰাৰ আভাস শেহতীয়াকৈ মুক্তি পোৱা বিগ বছ ১৭ৰ প্ৰ’ম’তো দেখা যায়। শেহতীয়াকৈ জিগনা ভোহৰাৰ গোচৰৰ সন্দৰ্ভত এখন ৱেব ছিৰিজও মুকলি কৰা হৈছে, যাৰ নাম দিয়া হৈছিল ‘স্কুপ’।

Related Articles