দিলীপ হাজৰিকা : নাজিৰাঃ
নাজিৰা নগৰত পৌৰসভাৰ দ্বাৰা পৰিচালিত দৈনিক বজাৰৰ দুৰাৱস্থাৰ মাজতে আহি পৰা ক’ৰোনাৰ সংক্ৰমণৰ পৰা ব্যৱসায়ী আৰু গ্ৰাহক ৰাইজক সুৰক্ষিত ৰখাৰ স্বাৰ্থত লকডাউনৰ ঘোষনাৰ লগে লগে বজাৰখন বন্ধ হৈ পৰে । আনহাতে অতিশয় ঘোপ-মৰা আৰু প্ৰৱেশ আৰু প্ৰস্থানৰ কোনো নিৰ্দিষ্ট পৰিকল্পনা অবিহনেই নিৰ্মিত বজাৰখনৰ এক জাবৰ পেলোৱা স্থান, পানী ওলাই যোৱাৰ পথ, উপযুক্ত পোহৰ ব্যৱস্থা, আহল – বহল পৰিৱেশ অবিহনেই প্ৰায় পঞ্চাশ জন ব্যৱসায়ীয়ে নিয়মীয়াকৈ নিত্য প্ৰয়োজনীয় শাক পাচলি আৰু মাছ-মাংসৰ ব্যৱসায় কৰি আহিছে । এনেয়ে জৰাজীৰ্ণ আৰু এক লেতেৰা পৰিৱেশৰসৈতে অভ্যস্ত হৈও ব্যৱসায়ী সকলে নিজ নিজ পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব পালন কৰি যাবলৈ সক্ষম হৈছে । পিছে এই ব্যৱসায়ী সকলেই সম্প্ৰতি প্ৰায় আঢ়ৈ মাহ কাল ব্যৱসায় বন্ধ ৰাখিব লগীয়া হোৱাত তেওঁলোকৰ পৰিয়ালৰ অৰ্থনীতি ভাগি পৰিছে । আনহাতে নাজিৰাৰ মহকুমা প্ৰশাসনেও ক’ৰোনাৰ লকডাউনৰ সময়ত আন কিছু সংখ্যক নাগৰিকক শাক-পাচলি, মাছ আদিৰ ব্যৱসায় কৰিবৰ বাবে বিশেষ অনুমতি প্ৰদান কৰাত সেইসকল ব্যৱসায়ীয়েও নাজিৰা দৈনিক বজাৰৰ সমুখতে বহি লৈ ব্যৱসায় কৰিবলৈ ধৰাত নাজিৰা নগৰৰ ধোদৰ আলি ৰাজপথটোৱেই এতিয়া বজাৰৰ ৰূপ গ্ৰহণ কৰি জনসমাগম ভয়ানকভাৱে বঢ়াই তুলিছে । এনেদৰে চলি ৰোৱা ৰাজপথৰ বজাৰখনত এতিয়া মানুহৰ শাৰীৰিক দূৰত্ব ভয়ানকভাৱে হ্ৰাস পাই নিতৌ ঠেলা-হেঁচাৰ এক থলীত পৰিণত হৈছেগৈ । নাজিৰা মহকুমা প্ৰশাসন আৰু পুলিচ প্ৰশাসনে এই ক্ষেত্ৰত সম্পূৰ্ণ আওকণীয়া মনোভাৱ প্ৰকাশ কৰিছে.। যাৰ বাবে যিকোনো স্থানৰে ব্যক্তিয়েই নাজিৰা দৈনিক বজাৰৰ আগফালে পথেদি অতিক্ৰম কৰাৰ বেলিকা শাৰীৰিক দূৰত্ব নথকা পৰিস্থিতিত ক’ৰোনাৰ সংক্ৰমণ ঘটাৰ তীব্ৰ আশংকাত ভোগে.। নাজিৰা দৈনিক বজাৰৰ নিয়মীয়া ব্যৱসায়ী সকলে তেওঁলোকৰ ভাগি পৰা অৰ্থনীতি পুনৰ জীপাল কৰি তোলাৰ স্বাৰ্থত দৈনিক বজাৰখন খুলি দিয়াৰ বাবে নাজিৰা মহকুমা প্ৰশাসনক আবেদনযোগে দাবী জনাইছে । নাজিৰা মহকুমা প্ৰশাসনেও যদি পথৰ ওপৰত বহা বজাৰ নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰি শীঘ্ৰেই দৈনিক বজাৰ খুলি দিয়ে তেন্তে সেই স্থানৰো পানী আৰু জাবৰৰ নিস্কাশন ঘটোৱা, ব্যৱসায়ী সকলৰ বহা স্থান সমূহ নিয়াৰি আৰু পৰিস্কাৰ কৰা, পোহৰৰ ব্যৱস্থা উন্নত কৰা, বজাৰৰ বেৰ সমূহত চূণ-তেল ঘঁহাৰ ব্যৱস্থা কৰি দিয়ে সেয়া পৌৰসভা তথা স্থানীয় মহকুমা প্ৰশাসনৰ এক দায়িত্ব বুলি চৰ্চ্চিত হৈছে।