Breaking

থাৰ্ড থিয়েটাৰৰ উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে ৰাষ্ট্ৰীয় মূকাভিনয় মহোৎসৱৰ সফল সামৰণি

0 77

থাৰ্ড থিয়েটাৰৰ উদ্যোগত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সৌজন্যত আৰু গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰ একতা সভাৰ সহযোগত ৯ আৰু ১০ ফেব্ৰুৱাৰীত প্ৰথম ৰাষ্ট্ৰীয় মূকাভিনয় মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী, অসমৰ বিশিষ্ট অভিনেত্ৰী চেতনা দাস, ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন মলয়া গোস্বামী, সংগীত নাটক অকাডেমী বঁটা প্ৰাপক ৰঞ্জু মনি শইকীয়া, অনিতা শৰ্মা, সাহিত্য অকাডেমি বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰা, বিশিষ্ট সাংস্কৃতিক কৰ্মী গোপাল জালান, জ্যেষ্ঠ সাংবাদিক মন্টু শইকীয়াকে ধৰি বহু গণ্য মান্য ব্যক্তিৰ উপস্থিতিত বন্তি প্ৰজ্বলনৰে এটি মাংগলিক বন্দনাৰে আৰম্ভ হয়।

উক্ত ৰাষ্ট্ৰীয় মহোৎসৱটিত থাৰ্ড থিয়েটাৰৰ কণমানিসকলে মূকাভিনয়ৰ ব্যতিক্ৰমী শৈলীৰে “ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা”দেৱৰ “বুঢ়ী আইৰ সাধুৰ” পৰা দুটি জনপ্ৰিয় সাধু , পশ্চিম বংগৰ দুবাৰকৈ ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত মূকাভিনয় শিল্পী কল্পতৰু গুহৰ “Cricket Highlights”, মহোৎসৱ পৰিচালক বিজিত কুমাৰ দাসৰ হাস্য মধুৰ মূকাভিনয়ৰ লগতে ভগৱান শ্ৰীৰাম চন্দ্ৰৰ কাহিনীৰ ওপৰত আধাৰিত এখনি ব্যতিক্ৰমী শৈলীৰ অসমীয়া সংস্কৃতিৰ ভাওনা, সত্ৰীয়া নৃত্য, সমৰ কলা ইত্যাদিৰ পৰীক্ষামূলক ব্যৱহাৰেৰে থাৰ্ড থিয়েটাৰৰ যুৱচামে পৰিৱেশন কৰা “অনন্তগুণ শ্ৰী ৰামচন্দ্ৰ” শীৰ্ষক মূকাভিনয়ৰে গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰেক্ষাগৃহত উপস্থিত থকা প্ৰতি গৰাকী দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে।

এটি কৃষ্ণ বন্দনাৰে আৰম্ভ হোৱা ৰাষ্ট্ৰীয় মূকাভিনয় মহোৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী থাৰ্ড থিয়েটাৰৰ কিশোৰ চামে অতি মনোমোহাকৈ “ঊষা – অনিৰুদ্ধ”, ক্লাউন এক্টৰ বাবে পৰিচিত মূকাভিনয় শিল্পী প্ৰণৱ জ্যোতি হিৰু, দেৱজিৎ ডেকা, মৃণাংক ডেকা আৰু জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগৰ উৎকৃষ্ট মানদণ্ডৰ মূকাভিনয় প্ৰদৰ্শনেৰে মহোৎসৱৰ সফল সামৰণি পৰে।


থাৰ্ড থিয়েটাৰ ৰ এই প্ৰয়াসত প্ৰায় ৮০ জন ছাত্ৰ ছাত্ৰীৰ ব্যক্তিক্রমী শৈলীৰ সুন্দৰ মূকাভিনয়ে ভৱিষ্যতে অসমৰ বহু ছাত্ৰ ছাত্ৰী এই মূকাভিনয় কলাৰ প্ৰতি আগ্ৰহী কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস।

Leave A Reply