শংকিত দলগাঁৱৰ বদলি বৰালিৰ নৈপৰীয়া ৰাইজ ,ভেটিহীন বহু পৰিয়াল ।

দৰঙৰ দলগাওঁ সমষ্টিৰ বদলি বৰালিত  অব্যাহত আছে ধনশিৰি – ব্ৰহ্মপুত্ৰ নদীৰ  তীব্ৰ গৰাখহনীয়া ।  খহনীয়াৰ কবলত পৰিছে  বদলি বৰালি গাৱৰ  বৃহৎ এলেকা । নদীত জাহ গৈছে  শ শ কৃষি ভূমি , ভেটিহীন  হৈছে কেইবা শতাধিক  পৰিয়াল  । মাটি ভেটি হেৰুৱায়  শংকিত  হোৱা  বদলি বৰালি গাঁৱৰ  নৈপৰীয়া ৰাইজৰ কাষত আমছুৰ কেন্দ্ৰীয় উপদেষ্টা আইনুদ্দিন আহমেদ , খাৰুপেটীয়াৰ সাংবাদিক আব্দুল হাকিম , আবুল হাছেম , খইবৰ মণ্ডল আৰু হাছান আলীয়ে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।  গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদে  জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাক  শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।  লগতে  স্থানীয় বিধায়ক মজিবৰ ৰহমানক গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ বাবে  আহ্বান জনায় আমছুৰ উপদেষ্টা গৰাকীয়ে । দলগাওঁ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক মজিবুৰ ৰহমানলৈ কাতৰ আহ্বান সমষ্টি খনৰ বদলি বৰালিৰ  নৈপৰীয়া  ৰাইজৰ । ধনশিৰি- ব্ৰহ্মপুত্ৰৰ  গৰাখহনীয়াৰ পৰা আমাক ৰক্ষা কৰক । আমাৰ ঘৰ দোৱাৰ গৰাখহনীয়াৰ পৰা সুৰক্ষিত কৰাৰ লগতে শিক্ষা আৰু স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰক । ইতিমধ্যে প্ৰায় তিনি শতাধিক লোকে নিজৰ কৃষি ভূমি হেৰুৱাৰ লগতে ভেটিহীন হৈছে বহু পৰিয়াল । বৰ্তমান শংকিত হৈ পৰিছে  নৈপৰীয়া ৰাইজ সকল । উল্লেখযোগ্য যে   দৰঙৰ দলগাঁও  সমষ্টিৰ আৰিমাৰী আৰু শ্যামপুৰ গাওঁ পঞ্চায়তৰ বৃহৎ অঞ্চললৈ  ভাবুকি কঢ়িয়াই অনা এনে খহনীয়া  ৰোধৰ ব্যৱস্থা নকৰিলে বহু গাওঁ ধনশিৰি ও  ব্ৰহ্মপুত্ৰ নদীত জাহ যোৱাটো প্ৰায় নিশ্চিত । স্মৰ্তব্য যে আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে – ধনশিৰি-ব্ৰহ্মপুত্ৰৰ  গৰাখহনীয়াৰ কবলত পৰা লোক সকলক চৰকাৰে ৰক্ষণাবেক্ষণ দিয়াত ব্যয় হৈছে । নৈপৰীয়া ৰাইজে নিজৰ মাটি ভেটি হেৰুৱাই আন ঠাইত গৈ বসতি স্থাপন কৰিলে সন্দেহৰ চকুৰে চোৱা হ’য় । শীঘ্ৰে নদী বান্ধৰ ব্যৱস্থা কৰি বদলি বৰালিৰ নৈপৰীয়া ৰাইজৰ মাটি ভেটি ৰক্ষা কৰিবলৈ অসম চৰকাৰৰ জল সম্পদ বিভাগৰ মন্ত্ৰীক  দাবী জনায় আমছুৰ নেতা গৰাকীয়ে ।

Related Articles