বৃহত্তৰ দেৰগাঁৱৰ দুচকীয়া বাহনৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান “দেৱগ্ৰাম মটৰচত” গ্লেমাৰ বাইকৰ নৱতম সংযোজন। পূৰ্বৰ সেই গ্লেমাৰ বাইকখন বিচাৰি আপুনি আৰু এতিয়া হাবাথুৰি খাব লগীয়া নহয় । দুচকীয়া বাহনৰ গ্ৰাহকৰ বাবে এক সুখবৰ । অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত চালে চকু ৰোৱা অত্যন্ত আৰামদায়ক গ্লেমাৰ চিম্পলী মেগনেটিক ৰাইজৰ বাবে মুকলি । দেৱগ্ৰাম মটৰচৰ স্বত্বাধিকাৰ পৰাগ শৰ্মাৰ উদ্যোগত প্ৰতিষ্ঠানটোত মঙ্গল বাৰে নিশা আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নৱতম সংযোজনৰ গ্লেমাৰ চিম্পলী মেগনেটিক বাইক আনুষ্ঠানিকভাৱে মুকলি কৰে শিক্ষাবিদ ভাস্কৰ জ্যোতি বৰাই ।
মাধুৰ্য্য গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানত প্ৰবীণ সাংবাদিক দীপক শইকীয়া,পলাশজ্যোতি বৰা,অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ উত্তৰ পূবৰ সম্পাদক সত্যজিত হাজৰিকা,অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সম্পাদক বিদ্বান বৰদলৈ ,ডিকেডি কলেজৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়া সকলকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । উক্ত বাইকখনে গ্ৰাহকৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে ।

