তামুলপুৰ প্ৰেছ ক্লাৱৰ নৱম দ্বি-বাৰ্ষিক অধিবেশনখনি বুধবাৰে দিনযোৰা কাৰ্যসূচীৰে সফলতাৰে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি পুৱা ন-বজাত প্ৰেছ ক্লাৱৰ সভাপতি আনন্দ ৰামচিয়াৰীয়ে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ দহ বজাত স্মৃতি তৰ্পন কাৰ্যসূচী ৰূপায়ণ কৰে ক্ৰমে বড়োলেণ্ড সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰমেন দাস , তামুলপুৰ জিলা সাংবাদিক সন্থাৰ সাধাৰন সম্পাদক উৎপল ডেকা আৰু তামুলপুৰ প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক গুনজিৎ দাসে। দিনৰ এঘাৰ বজাত প্ৰেছ ক্লাৱৰ সভাগৃহত সভাপতি আনন্দ ৰামচিয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত হয় প্ৰতিনিধি সভা। সভাৰ আৰম্ভণিতে সাধাৰণ সম্পাদক গুনজিৎ দাসে উদেশ্য ব্যাখ্যা কৰি পাছত সম্পাদকীয় প্ৰতিবেদন পাঠ কৰি বাৰ্ষিক হিচাপ নিকাচ দাঙি ধৰে আৰু সম্পাদকৰ প্ৰতিবেদন খন সভাই পৰ্যলোচনা কৰাৰ অন্তত সৰ্বসন্মত ভাৱে গৃহীত কৰে।

সভাত প্ৰেছ ক্লাৱৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত কেইবাগৰাকী জ্যেষ্ঠ আৰু কনিষ্ঠ সতীৰ্থ সাংবাদিকে বক্তব্য ৰাখে। সাংগঠনিক দিশত সক্ৰিয়তাৰে কাম কৰি তামুলপুৰৰ জনসাধাৰণৰ স্বাৰ্থ আগত ৰাখি ভৌগোলিক শিক্ষা স্বাস্থ্য কৃষি আৰু আৰ্থসামাজিক দিশৰ উন্নয়নৰ হকে সংবাদ পৰিবেশন কৰাৰ লগতে ইতিবাচক ধ্যান ধাৰণাৰে আগন্তুক দিনত আগবাঢ়ি যোৱাৰ সংকল্পৰে কাম কৰিবলৈ বদ্ধপৰিকৰ বুলি সহমত প্ৰকাশ কৰে। শেষত প্ৰেছ ক্লাৱৰ পুৰণি সমিতি খনে আনুষ্ঠানিক ভাৱে ভংগ কৰি উৎপল ডেকাক সভাপতি আৰু প্ৰসাদ দাসক সাধাৰণ সম্পাদকৰ দায়িত্ব দি আগন্তুক দুবছৰৰ বাবে এখন নতুন সমিতি গঠন কৰা হয়। শেষত প্ৰাক্তন সভাপতি দীপক কুমাৰ পাঠক আৰু অন্যতম সদস্য তীৰ্থৰঞ্জন মহন্তই শুভেচ্ছামূলক বক্তব্য ৰাখে। আনন্দ ৰামচিয়াৰীয়ে সভাৰ শেষত সাৰুৱা ভাষণ দি আগন্তুক দিনত তামুলপুৰ প্ৰেছ ক্লাৱৰ উত্তৰোত্তৰ কামনাৰে সভাৰ সামৰণি পেলায়।

