শোণিতপুৰ জিলাৰ ৰঙাপৰা আৰক্ষী থানাৰ অৰ্ন্তগত জৰাসৰ গাওতঁ কালি নিশা ১ বজাত এটা বনৰীয়া হাতীৰ আক্ৰমণত চুখো ভেংৰা নামৰ (৪৫) এজন ব্যাক্তি থিতাতে নিহত হয়।জানিব পৰা মতে যোৱা নিশা প্ৰায় ১বজাত নামেৰী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতীয়ে ১নং জৰাসৰ গাওঁত প্ৰবেশ কৰে আৰু চুখো ভেংৰাৰ ঘৰত উপদ্ৰৱ চলাই বাসগৃহ ভাঙি পেলাই । ঘৰটোত আক্ৰমণ কৰোঁতে চুখো ভেংৰা ঘৰত শুই আছিল আৰু হাতীৰ আক্ৰমণত থিতাতে নিহত হয়।বৰ্তমান ৰঙাপৰা আৰক্ষীয়ে মৃত দেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰিছে।মৃত্যুৰ সময়ত চুখো ভেংৰাই পত্নীৰ লগতে ৩ জন লৰা আৰু বোৱাৰীয়ক এৰি থৈ যায়।উল্লেখ্য যে অঞ্চলটোত বনৰীয়া হাতীয়ে সঘনে উপদ্ৰৱ চলাই সা সম্পত্তি ধ্বংস কৰাৰ লগতে একাধিক লোকৰ হাতীৰ আক্ৰমণত মৃত্যু হৈছে। বন বিভাগে কিন্তু বনৰীয়া হাতীৰ সন্ত্ৰাসৰ পৰা অঞ্চলৰ জনসাধাৰণক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ উঠিছে।

