ৰাজ্যত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা

ৰাজ্যত উদ্বেগজনক ভাবে বৃদ্ধি পাইছে কৰ্কটৰোগ। বিশেষকৈ মুখ গহ্বৰৰ কৰ্কট ৰোগত আক্ৰান্ত লোকৰ গ্ৰাফডাল দ্ৰুত গতিত উৰ্ধমুখী হৈছে। জনসাধাৰণৰ সজাগ সচেতনতাৰ অভাবত মহামাৰীৰ ৰূপ ধাৰন কৰাৰ দিশত মুখ গহ্বৰৰ কৰ্কট ৰোগ- এই মন্তব্য ৰাজ্যৰ জ্যেষ্ঠ দন্ত চিকিৎসক ডা: ৰুবী কটকীৰ।

উল্লেখ্য, এইক্ষেত্ৰত ৰাইজৰ মাজত সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় মুখ্য স্বাস্থ্য অভিযান কামৰূপৰ উদ্যোগত বৃহস্পতিবাৰে আমিনগাওস্থিত নাৰায়না হাস্পতালৰ প্ৰেক্ষাগৃহত এখন সজাগতামূলক অনুষ্ঠান আয়োজন কৰা হয়।


কামৰূপ জিলা ভিত্তিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় এই “অবিৰত দন্ত শিক্ষা” বিষয়ক কাৰ্যসূচী।


আমিনগাঁৱৰ নাৰায়ানা হস্পিতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যসূচীত কামৰূপ জিলাৰ দন্ত চিকিৎসকসকলে অংশগ্ৰহণ কৰে।


আৰম্ভণিতে, কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্ত কমল বৰুৱাই আনুষ্ঠানিক ভাবে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।


অনুষ্ঠানত, শংকৰদেৱ চিকিৎসা বিশ্ববিদ্যালয়ৰ ডীন তথা গুৱাহাটী ডেন্টেল কলেজৰ অধ্যাপিকা ৰুবী কটকীৰ লগতে কামৰূপৰ যুটীয়া স্বাস্থ্য সঞ্চালক মহিতোষ বেনাৰ্জী, জ্যেষ্ঠ চিকিৎসক শান্তনু ভট্টাচাৰ্য, নোডেল অফিচৰ পল্লবী ঠাকুৰীয়াকে আদি কৰি ভালেসংখ্যক জ্যেষ্ঠ চিকিৎসক উপস্থিত থাকে।

Related Articles