Breaking

দেশত ক’ৰোনা ৰোগীৰ সংখ্যা দ্ৰুত গতিত বাঢ়িছে…

0 18

হঠাৎ ক’ৰোনা আক্ৰান্তৰ হাৰ বৃদ্ধি পোৱাৰ ফলত সমগ্ৰ দেশতে উত্তেজনা বৃদ্ধি পাইছে। দেশত পুনৰবাৰ ক’ৰোনা আক্ৰান্তই আতংকিত হ’বলৈ আৰম্ভ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেওবাৰে যোৱা ২৪ ঘণ্টাত ৩,৮২৪টা নতুন ক’ভিড পঞ্জীয়ন কৰা হৈছে, যিটো পূৰ্বৰ দিনতকৈ ২৮ শতাংশ বেছি। শনিবাৰে ২৯৯৫ জন ৰোগী ধৰা পৰাৰ বিপৰীতে শুকুৰবাৰে নতুনকৈ ৩,০৯৫ জন ৰোগী ধৰা পৰে।

শেহতীয়া তথ্য অনুসৰি দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ১৮,৩৮৯ জন, যিটো মুঠ সংক্ৰমণৰ ০.০৪ শতাংশ। ক’ৰোনা মহামাৰীৰ পিছৰে পৰা এতিয়ালৈকে দেশত ৪,৪৭,২২,৬০৫জন লোক আক্ৰান্ত হৈছে। ৪,৪১,৭৩,৩৩৫জন ৰোগী ক’ৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰিছে। এইদৰে আৰোগ্যৰ হাৰ ৯৮.৭৭ শতাংশ। এই পৰ্যন্ত ৫,৩০,৮৮১ জন লোকে ক’ৰোনা মহামাৰীৰ বাবে প্ৰাণ হেৰুৱাইছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইটত দিয়া তথ্য অনুসৰি, দেশজোৰা প্ৰতিষেধক অভিযানৰ অধীনত দুবছৰত ২.২ বিলিয়নৰো অধিক কভিড ভেকচিন প্ৰদান কৰা হৈছে। যোৱা ২৪ ঘন্টাত ২,৭৯৯ টা ভেকচিনৰ ড’জ দিয়া হৈছে।

দিল্লীতো দেখা গৈছে কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি। শনিবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত ৪১৬ জন নতুনকৈ ক’ভিড পঞ্জীয়ন কৰা হয়, যিটো বিগত ৭ মাহৰ ভিতৰত দৈনিক সৰ্বাধিক সংখ্যা। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি মহানগৰীত সংক্ৰমণৰ হাৰ ১৪.৩৭ শতাংশলৈ বৃদ্ধি পাইছে।

ইয়াৰ পূৰ্বে শুকুৰবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীত কৰ’না আক্ৰান্তৰ প্ৰস্তুতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। তেওঁ ৰাইজক আশ্বাস দিছিল যে চৰকাৰে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ৰাইজে চিন্তা কৰাৰ প্ৰয়োজন নাই।

আনহাতে শনিবাৰে মহাৰাষ্ট্ৰত ৬৬৯ জন কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগী পঞ্জীয়ন হয়, যাৰ বাবে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ৮১,৪৪,৭৮০ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃত্যুৰ সংখ্যা ১,৪৮,৪৪১ ৰ কোনো পৰিৱৰ্তন হোৱা নাই। শুকুৰবাৰে ৰাজ্যত ৪২৫টা ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে বৃহস্পতিবাৰে ৬৯৪টা ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে।

Leave A Reply