Breaking

বিৰোধী এতিয়া ধৰাশয়ী, কেৱল সংবাদ মাধ্যমতহে দেখা পোৱা যায় বিৰোধীকঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

0 50

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে ভাৰতীয় জনতা পাৰ্টিৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয় ভৱনত উপস্থিত হৈ কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় তথা আলোচনাত মিলিত হয় আৰু দলৰ বিভিন্ন সাংগঠনিক কাম-কাজৰ বুজ লয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’কে ধৰি কেতবোৰ কল্যাণকামী পদক্ষেপৰ সফল ৰূপায়ণত সক্ৰিয় ভূমিকা ল’বলৈ কাৰ্যকৰ্তাসকলক আহ্বান জনায় সোণোৱালে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, বিৰোধী এতিয়া ধৰাশয়ী, কেৱল সংবাদ মাধ্যমতহে দেখা পোৱা যায় বিৰোধীক। তৃণমূল পৰ্যায়ত আৰু জনসাধাৰণে কেতিয়াও বিৰোধীক গ্ৰহণ নকৰে।

লগতে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ৰাম মন্দিৰৰ প্ৰসংগত কয়, ৰাম মন্দিৰ ভাৰতৰ স্বাভিমান, প্ৰতিগৰাকী স্বাভিমানী ভাৰতীয়ৰ বাবে এয়া গৌৰৱৰ সময়।

Leave A Reply