Breaking

শিৱসাগৰৰ ডিমৌ আৰু আমগুৰিত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ। ৩৪ জন আক্ৰান্ত, এজনৰ মৃত্যু

0 1,549

বাৰিষা আগমনৰ সামান্তৰাল ভাৱে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ তথা এনকেফেলাইটিছ সদৃশ ৰোগৰ। শিৱসাগৰত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ আক্ৰান্তৰ ৰোগী । বিগত বৰ্ষত জিলাখনত এই ৰোগে সন্ত্ৰাসৰ ৰূপ ধাৰণ কৰাৰ পাছত ২০১২ চনৰ পৰা আৰম্ভ কৰা প্ৰতিষেধক প্ৰদানে এই ৰোগৰ প্ৰাদুৰ্ভাৱ কিছু সীমিত কৰিছিল । যদিও এতিয়া পুনৰ শিৱসাগৰ জিলা এনকেফেলাইটিছ ৰোগৰ অভিকেন্দ্ৰ ৰূপে পৰিগণিত হৈ আহিছে । সমাগত বছৰৰ আজিলৈকে এই ৰোগত মুঠ ৩৪ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে এজন লোকৰ । ইয়াৰে জাপানীজ এনকেফেলাইটিছ ৰোগত ১২ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে সদৃশ ৰোগত আক্ৰান্ত হৈছে ২২ গৰাকীকৈ লোক । আমগুৰি স্বাস্থ্য খণ্ডৰ অন্তৰ্গত ম’ৰাবজাৰত এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ এগৰাকী কিশোৰীৰ মৃত্যু হয় । আক্ৰান্ত সকলৰ সৰহ স‌ংখ্যক সুস্থ হৈছে ।

যদিও শিৱসাগৰ অসামৰিক চিকিৎসালয়, চ্যুকাফা মাল্টি স্পেচিয়েলিটি চিকিৎসালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত এজনকৈ ৰোগী জাপানীজ এনকেফেলাইটিছ তথা এনকেফেলাইটিছ সদৃশ ৰোগত চিকিৎসাধীন হৈ আছে । শিৱসাগৰ জিলা ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ হেমন্ত বৰুৱা ডাঙৰীয়াই স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ৰোগ প্ৰতিৰোধৰ বাবে মহ খেদোৱা ধোঁৱা প্ৰদান, ঔৰধীযুক্ত আঁঠুৱা বিতৰণ, সজাগতা সভা আদি অব্যাহত ৰাখিছে । যদিও ৰাইজক ঘৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰখাৰ লগতে মহ উৎপন্ন হ’ব পৰা পানী বন্ধ ঠাই সমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ জিলা স্বাস্থ্য বিভাগে আহ্বান জনাইছে ।

সামান্য গাৰ বিষ, জ্বৰ আদি অনুভৱ কৰিলে তৎকালে চিকিৎসকৰ পৰামৰ্শ লবলৈও জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ৰাইজক অনুৰোধ জনোৱা হৈছে । ডিমৌ স্বাস্থ্য খণ্ড আৰু আমগুৰিৰ ম’ৰাবজা স্বাস্থ্য খণ্ডত এই ৰোগত সৰ্বাধিক লোক আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হৈছে ।

Leave A Reply