Breaking

পুত্ৰৰ ফলাফল পাই কান্দোনত ভাঙি পৰিছে পিতৃ-মাতৃ, ৫টা বিষয়ত লেটাৰসহ ৮৮% শতাংশ নম্বৰ লাভ কৰা ৰমেন নাই এই সংসাৰত…

0 30

আজি ঘোষনা হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল৷ পুত্ৰৰ ভাল ফলাফল লাভ কৰি কান্দোনত ভাঙি পৰিছে নগাঁৱৰ কঠিয়াতলীৰ ৰমেন বিশ্বাসৰ পিতৃ-মাতৃ৷ কাৰণ ফলাফল জানিবলৈ এই সংসাৰত নাই পুত্ৰ ৰমেন বিশ্বাস৷ বিগত চাৰি দিন পূৰ্বে নগাঁৱত নীটৰ পৰীক্ষা দি ঘৰলৈ উভতি যোৱাৰ পথত পানীখাইটিত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ৰমেন বিশ্বাস নামৰ ছাত্ৰ গৰাকীয়ে।

কঠিয়াতলীৰ নিবাসী নাৰায়ন চৰকাৰ আৰু অনুপমা চৰকাৰৰ পুত্ৰ ৰমেন বিশ্বাসে আজি ঘোষনা কৰা উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ৫টা বিষয়ত লেটাৰ মাৰ্কসহ ৮৮% শতাংশ নম্বৰ লাভ কৰি কঠিয়াতলী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে৷ কিন্তু পুত্ৰৰ মৃত্যু আজি চাৰিটা দিন উকলি গৈছে৷

Leave A Reply