Breaking

চমকঙৰ হাউলিপাম ব্ৰহ্মপুৰ সংযোগী পথৰ শোচনীয় অৱস্থাই যমৰ যাতনা ভুগাইছে গঞা ৰাইজক…

0 11

চমকঙৰ হাউলিপাম ব্ৰহ্মপুৰ সংযোগী পথৰ শোচনীয় অৱস্থাই যমৰ যাতনা ভুগাইছে গঞা ৰাইজক 

অসমৰ বিজেপি নেতৃত্বৰ মিত্ৰজোঁটৰ চৰকাৰখনে উন্নয়নৰ ধাকঢোল বজাই থাকিলেও প্ৰকৃতাৰ্থত যে গ্ৰাম্যঞ্চলত কোনো উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণ হোৱা সেয়া ধূৰুপ। জোনাই বিধানসভা সমষ্টিৰ চমকং গাওঁ পঞ্চায়তৰ প্ৰায়বোৰ গ্ৰাম্য পথৰ জৰাজীৰ্ণ অৱস্থাই চৰকাৰখনৰ ফোপোলা স্বৰূপ উদঙাই দিছে। চমকং হাউলিপামৰ পৰা ব্ৰহ্মপুৰ সংযোগী পথছোৱা আজিও কোনো এখন চৰকাৰে নিৰ্মাণৰ আঁচনি প্ৰস্তুত কৰি ৰূপায়ণ নকৰাৰ ফলত পথছোৱাৰে গঞা ৰাইজৰ যাতায়তত ভীষণ সমস্যাৰ সৃষ্টি কৰি আহিছে।

চমকং নাৰায়ণপুৰ ৰাভা গাঁৱৰ পৰা ব্ৰহ্মপুৰ সংযোগী পথ,চমকং নাৰায়ণপুৰ গাঁৱৰ পৰা ব্ৰহ্মপুৰ হৈ চমকং বড়ো গাওঁ সংযোগী পথছোৱা অতি শোচনীয় হোৱাৰ বাবে কেবাখনো গাঁৱৰ ৰাইজে বছৰৰ সৰহভাগ সময়তে দুৰ্বিষহভাৱে যাতায়ত কৰিবলগীয়া হৈ আহিছে।পথছোৱাৰমাজত ঠায়ে ঠায়ে থকা নলা-নদীৰ ওপৰত দলং,কালভাৰ্ট নিৰ্মাণ নোহোৱাৰ বাবে যমৰ যাতনা ভুগিব লগা হৈ আহিছে স্থানীয় কৃষিজীৱী ৰাইজে।

আনহাতে ব্ৰহ্মপুৰৰ পৰা ৰামনলালৈ যোৱা পথছোৱা পকীকৰণ নোহোৱাকৈ থকা বাবে কৃষক ৰাইজৰ সীমাহীন সমস্যাৰ সন্মুখীন হ’বলগা হৈ আহিছে। চমকং গাওঁ পঞ্চায়তৰ অধিকাংশ পথেই বাৰিষাৰ সময়ত জৰাজীৰ্ণ হৈ পৰাৰ ফলত কৃষিজীৱী ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত নানান আশুকলীয়া পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। কেন্দ্ৰীয়-ৰাজ্য উভয় চৰকাৰে নিত্য নতুন আঁচনি ঘোষণা কৰি জনসাধাৰণৰ মাজত চমক সৃষ্টি কৰিছে যদিও প্ৰকৃতাৰ্থত গঞা ৰাইজ উপকৃত  হোৱা নাই।

শম্ভু দাস চিলাপথাৰ

Leave A Reply