টেঙানিৰ মানুহে বহুত মাৰ খালে ! টেঙানিলৈ মই ৰাজনীতি কৰিবলৈ নাহো: বিধায়ক বিশ্বজিৎ ফুকন…

টেঙানিৰ মানুহে বহুত মাৰ খালে

টেঙানিলৈ মই ৰাজনীতি কৰিবলৈ নাহো: বিধায়ক বিশ্বজিৎ ফুকন

আন্দোলনে কোঙা কৰা টেঙানি বাসী ৰাইজৰ বহুতেই পুলিচৰ মাৰ খালে। কিন্তু উন্নয়ন বিচাৰি যদি সেই আন্দোলন বোৰ কৰিলে হয় টেঙানিত এটাও কেচা ৰাস্তা নাথাকিলে হয়। সমস্যাৰে জৰ্জৰিত টেঙানিবাসী ৰাইজৰ সৰলতাক অস্ত্ৰ হিচাপে লৈ আন্দোলনৰ ৰাজধানীলৈ পৰিণত কৰা টেঙানি আজিও বহুত পিছ পৰি ৰ’ল। টেঙানি এতিয়া আন্দোলনৰ বাবে নহয় উন্নয়নৰ বাবে, সম্পদৰ বাবে বিখ্যাত হৈ পৰিব। এই মন্তব্য বিধায়ক বিশ্বজিৎ ফুকনৰ। বৃহত্তৰ টেঙানিৰ চাৰিখন বিদ্যালয়ৰ শ্ৰেণীকোঠা আৰু দুটা পথৰ আধাৰশিলা স্থাপন কৰি বিধায়ক গৰাকীয়ে ৰাইজৰ আগত এই মন্তব্য ডাঙি ধৰে।

লগতে টেঙানি বাসীক লৈ বাহিৰৰ পৰা আহি আন্দোলন কৰিবলৈ বাধ্য কৰোৱা লোক সকলক ক্ষুৰধাৰ সমালোচনা কৰি এতিয়াৰ পৰা তেনে কোনো কাৰ্যতে টেঙানি বাসী ৰাইজে হাত উজান নিদিয়ে বুলিও মন্তব্য কৰে। বিধায়ক গৰাকীয়ে আৰু কয় যে টেঙানিলৈ মই ৰাজনীতি কৰিবলৈ নাহো, উন্নয়ন কৰিবলৈহে আহিম। আজি টেঙানিৰ চোৰাতনি উমানন্দ প্ৰাৰ্থমিক বিদ্যালয়, শান্তিপুৰ জ্ঞানজ্যোতি প্ৰাৰ্থমিক বিদ্যালয়, নিকৰী মাজদালপা জনজাতি প্ৰাৰ্থমিক বিদ্যালয় আৰু চাংপুল টেঙানি প্ৰাৰ্থমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণৰ লগতে মিলন বজাৰ পথ আৰু বৰপথাৰ সংযোগী ভোজৰ আলি পথৰ পকীকৰণৰ আধাৰশিলা স্থাপন কৰি বিধায়ক বিশ্বজিৎ ফুকনে টেঙানিয়ে এতিয়া সমগ্ৰ গোলাঘাট জিলাৰে অৰ্থনীতি টনকিয়াল কৰাৰ লগতে সাংস্কৃতিক, ক্ৰীয়া, কৃষি, শিক্ষা আদি সকলো দিশতে ৰাজ্যখনৰ ভিতৰতে জাকত জিলিকা হৈ পৰিব বুলি আশা প্ৰকাশ কৰে। ইপিনে টেঙানিৰ যোগাযোগ ব্যৱস্থা আৰু অধিক শক্তিশালী কৰাৰ বাবে তিনিখনকৈ দলং নিৰ্মাণৰ কথাও প্ৰকাশ কৰে।

ইয়াৰে চিলনীজান সংযোগী দলং নিৰ্মাণ হৈ থকাৰ লগতে চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত ৰাইজৰ বাবে মুকলি কৰা হব বুলি জানিবলৈ দিয়ে। লগতে থুৰামুখ আৰু নোগোৰাত হব লগা দলং দুখনৰ শীঘ্ৰেই নিৰ্মাণৰ কাম হাতত লোৱা হব বুলি ৰাইজক জানিবলৈ দিয়ে। টেঙানিক লৈ বিধায়ক গৰাকীৰ বহু সপোন আছে বুলি ৰাইজৰ আগত প্ৰকাশ কৰি নামবৰ অভয়াৰণ্যৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ ফ’ৰলেনযুক্ত পথলৈ উন্নীত হোৱাৰ যো-জা চলি থকাৰ সময়তে এই ফ’ৰলেনযুক্ত পথ বনাঞ্চলৰ মাজেদি নগৈ থুৰামুখৰ পৰা টেঙানিৰ মাজেদি নিবৰ বাবে কৰ্পতৃক্ষৰ ওচৰত প্ৰস্তাৱ দিয়া হৈছে বুলিও বিধায়ক গৰাকীয়ে জনায়। আনহাতে চলিত বৰ্ষত টেঙানিত ২১ কিলোমিটাৰ পথ পকীকৰণৰ হব বুলি ৰাইজক জানিবলৈ দিয়ে। আজিৰ এই কাৰ্যসূচীত বৰপথাৰ পৌৰসভাৰ পৌৰপতিৰ লগতে জিলা বিজেপিৰ কায্যকৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত আছিল।

Related Articles