কাকজান, ২৯ ডিচেম্বৰ : চাৰিলেন যুক্ত পথ নিৰ্মাণৰ চৰম মইমতালিৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ যোৰহাস্থিত কাৰ্যালয়ৰ একাংশ বিষয়াক মেনেজ কৰি “জিডিচিএল” নামৰ নিৰ্মাণ সংস্থাৰ পৰা উপ ঠিকা লাভ কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট বাইপাচৰ পৰা জাঁজী পৰ্যন্ত নিম্ন মানৰ কাম অব্যাহত ৰখা “লিংকন দিগনিটি” নামৰ সংস্থাটোৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপিত হৈ আহিছে । এনে অভিযোগৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নকৰি নিৰ্মাণ সংস্থাটোৱে অব্যাহত ৰখা নিম্নমানৰ কামৰ বাবে নিৰ্মাণ সম্পূৰ্ণ এমাহ নৌহওতেই পথটোৰ বহু স্থানত এৰাই গৈছে ব্লেকটেপিং ।তদুপৰি পথৰ কাষত নিৰ্মাণ কৰা পকী নলা সমূহ ক্ৰটিপূৰ্ণ ভাবে নিৰ্মাণ কৰা বুলি যি অভিযোগ ৰাইজে উত্থাপন কৰিছিল সেয়া প্ৰমাণিত হৈছে ৰাইজৰ দাবীৰ ভিত্তিত কৰা পুনৰ জৰীপত।