পশ্চিম নলবাৰী অঞ্চলৰ ধর্মপুৰ সমষ্টিৰ অতি গুৰুত্ব পূর্ণ এখন দলংঙে যাতায়াতৰ ক্ষেত্ৰত ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে। যিখন দলঙেৰে চামতাৰ পৰা টিহুলৈকে বাটচোৱা অতি চমু হয় । দলংখনেৰে নিতৌ অহাযোৱা কৰে হেজাৰ হেজাৰ পথাচাৰী,স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী।যেন ৰাইজৰ সংযোগৰ বাইক এক মাত্ৰ দলংখন। উক্ত দলং হল বুঢ়াদিয়া নৈৰ ওপৰৰ আমনি শংকৰ বাবাৰ থানৰ সন্মুখত থকা জৰাজীর্ন কাঠৰ দলং খন ৷ স্হানীয় ৰাইজে দৈনন্দিন বাৰ্তাৰ আগত অভিযোগ কৰা মতে যোৱা তিনিবছৰ আগতে বহুলক্ষ্য টকা খৰছ কৰি দলংখন নির্মান কৰা হৈছিল যদিও কিছুদিন পিছতে ২০১৮ চনত বানৰ ফলত ঢাহি-মুহি সম্পূর্ণ দলংখৰ মাজভাগটো বেকা কৰি লৈ যায়। ৷ কাম সম্পূৰ্ণ হোৱাৰ কিছুদিন পাছতে এনেদৰে বুঢ়াদিয়া নৈৰ পানীয়ে সম্পূর্ণ ৰূপে বেকা কৰাত ৰাইজৰ মনত সততে সন্দেহৰ প্ৰশ্ন উঠিছে বিভাগীয় দীৰ্ঘম্যাদী পৰিকল্পনাৰে ঠিকাদাৰে দলংখনৰ কাম সম্পূৰ্ণ কৰা হোৱা নাছিল নেকি? নিমনমানৰ কামেৰে ঠিকাদাৰে ৰাইজৰ লগত হেতালি খেলিলে নেকি ? অনেক প্ৰশ্ন। ইপিনে ৰাইজৰ অভিযোগৰ পিছত ভগ্ন কাঠৰ দলংখনৰ কাষতে এখন পকী দলংঙৰ কাম বিভাগীয় ভাবে আৰম্ভ কৰিছে যদিওঁ অকল খুটা দুটা পুতিয়ে সম্প্ৰতি কাম আধৰুৱা কৰি ৰাখিছে ৷ যাতায়াতৰ ক্ষেত্ৰত ৰাইজে এতিয়া ত্ৰাহি মধুসুদন সুঁৱৰিব লগা হৈছে। আজি অঞ্চলটোৰ সৰ্ব স্তৰৰ লোকৰ বহিঃ জগতৰ লগত যোগাযোগৰ ক্ষেত্ৰত অন্তৰায়ৰ সৃষ্টি হৈছ। গতিকে ৰাইজে ধর্মপুৰৰ বিধায়ক তথা পৰিবহন,উদ্যোগ আৰু বাণিজ্যিক মন্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ওচৰত আবেদন জনাইছে অতি সোনকালে পকী দলংখন সম্পূর্ণ কৰি ৰাইজক যাতায়াতৰ বাবে উপকৃত কৰে যেন।

