ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্রতা বিয়নী মেলঃ আঙুৰলতা ডেকা

 আমাৰ বিজেপি চৰকাৰৰ দিনত ইমানেই উন্নয়ণৰ কাম হৈছে যে ৰাইজে আকৌ বিজেপি দলৰ চৰকাৰেই বিচাৰিব ৷ গতিকে মিত্ৰজোঁট, মহামিত্ৰ এইবোৰ ক’ৰবাতেই পৰি ৰ’ব ৷ বিজেপিৰ লক্ষ্য আৰু উদ্দেশ্যক কোনেও প্ৰতিহত কৰিব নোৱাৰে ৷” এই মন্তব্য বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ ৷আজি সমষ্টিটোৰ বহুকেইটা পথ আৰু সামাজিক অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰি লগতে তেওঁ কয় যে–আমাৰ মন থাকিলেও চৰকাৰে সহায়টো নিদিলে কেতিয়াবা ৰাইজে বিচৰা ধৰণে আমি কাম কৰিব নোৱাৰো ৷ ইমান ডাঙৰ বিপদ পাৰ হৈ যোৱাৰ পিছতো চৰকাৰে এতিয়া পৰ্যাপ্ত পৰিমাণে ধন আবন্টন দিয়াত  ৰাইজৰ ৰাইজৰ অভাৱবোৰ পূৰণ কৰিব পাৰিছো ৷ ইফালে, কালি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মাজত মিত্ৰতাৰ হোৱাৰ কথা ঘোষণা কৰাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়িকাগৰাকীয়ে কয় যে–এনে মিত্ৰতাই একো ক্ষতি কৰিব নোৱাৰে বিজেপি দলক ৷ তেওঁলোকে গুৱাহাটীত একোটাকৈ কাৰ্যালয় খুলি বহিহে আছে ৷ তাৰ বাহিৰে একো বেছি কৰা নাই ।লগতে বিধায়িকা গৰাকীয়ে কয় যে তেওঁলোকৰ এইয়া মিত্ৰতা নহয় আচলতে বিয়নি মেলহে৷ দহ বছৰৰ পিছতহে হয়তো তেওঁলোকৰ মনোবাঞ্ছা পূৰণ হ’ব পাৰে বুলি আশা কৰিব পাৰি ৷ আজি বিধায়িকাগৰাকীয়ে চকলাঘাট, জামুগুৰি আৰু দলংঘাটত নিৰ্মাণ কৰিবলগীয়া তিনিটা গড়কাপ্তানি পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিধায়কৰ আচুতীয়া পুঁজিৰে হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতিৰ প্ৰেক্ষাগৃহ উন্নয়ন, জামুগুৰি পূজা মণ্ডপৰ আন্তঃগাঁথনি উন্নয়ন, কুজিদাঁহ গোপালদেৱ সমাজ সমূহীয়া ভৱন, কমাৰচুক ৰাস মন্দিৰৰ উন্নয়ন, মাজগাঁও আঞ্চলিক ৰাস মন্দিৰৰ আন্তঃগাঁথনি উন্নয়ন, ত্ৰিনয়ন গোষ্ঠীৰ সমূহীয়া ভৱন, নিজ হাতীচোং শ্বহীদ নৰেন্দ্ৰ নাথ বিদ্যাপীঠ আৰু নিজ হাতীচোং মধ্য ইংৰাজী বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণ, হাতীচোং সঞ্জীৱনী সংস্কৃত টোলৰ আন্তঃগাঁথনি উন্নয়নকে ধৰি বহুকেইটা অনুষ্ঠানৰ উন্নয়নমূলক আচঁনিৰ আধাৰশিলা কৰে ৷

Related Articles